অসম

assam

By

Published : Apr 5, 2020, 12:31 PM IST

ETV Bharat / state

বাক্সাত উৰা বাতৰিৰ বিৰুদ্ধে সষ্টম প্ৰশাসন

বাক্সাত উৰা বাতৰিৰ বিৰুদ্ধে সষ্টম প্ৰশাসনৰ বিশেষ সভা সম্বোধন l প্ৰায় 15 টাকৈ স্থানীয় ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিনিধিৰ অংশগ্ৰহণ সভাত l শাক-পাচলি কঢ়িওৱা গাড়ীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা নাই প্ৰশাসনে ৷

Pathsala administration alert against remour
উৰা বাতৰিৰ বিৰুদ্ধে সষ্টম প্ৰশাসন

পাটাছাৰকুছি,৫ এপ্ৰিলঃ সম্প্ৰতি কৰ’ণা মহামাৰীৰ উপৰিও বজালী আৰু বাক্সা জিলাত বিভিন্ন উৰা বাতৰিয়ে শংকিত কৰিছে জনসাধাৰণক ৷ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চল সমূহত ৷ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত প্ৰায় 15 টা ধৰ্মীয় অনুষ্ঠানৰে এক বিশেষ সভাত মিলিত হয় শালবাৰী মহকুমা প্ৰশাসন ৷ সভাত উক্ত অঞ্চললৈ নিজামউদ্দিনৰ পৰা অহা কোনো লোক থাকিলে শীঘ্ৰে প্ৰশাসনক খবৰ দিবলৈ নিৰ্দেশ জাৰি কৰে মহকুমাধিপতিগৰাকীয়ে ৷

উৰা বাতৰিৰ বিৰুদ্ধে সষ্টম প্ৰশাসন

আনহাতে, বৃহত্তৰ অঞ্চলটোৰ পৰা সমগ্ৰ বৰপেটা জিলালৈ শাক-পাচলি পঠিওৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উৰাবাতৰিত ভোল নাযাবলৈ সভাখনৰ দ্বাৰা ৰাইজক আহ্বান জনোৱা হৈছে ৷ তদুপৰি,শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই বুলি স্পষ্ট কৰে শালবাৰী মহকুমা প্ৰশাসনে ৷

লগতে চাওকঃলকডাউনৰ ফলত ভয়ানকভাৱে ক্ষতিগ্ৰস্থ দাৰ্জিলিং চাহ উদ্যোগ

ABOUT THE AUTHOR

...view details