মন্দিয়া, 12 মাৰ্চঃমন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই চিন্তিত কৰি তুলিছে স্থানীয় লোকক ৷ কিয়নো জীৱনৰ আদি পাঠ গ্ৰহণ কৰিবলৈ অহা কণ-কণ শিক্ষাৰ্থীৰ জীৱনলৈ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত এই প্ৰাথমিক বিদ্যালয়খনে কঢ়িয়াই আনিব পাৰে বিপদ ৷ সাধাৰণ বতাহ এজাক বলিলেও চৰৰ মাজত থকা বিদ্যালয়খনৰ টিনপাত উৰুৱাই নিয়াৰ লগতে যিকোনো সময়তে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ কেৱল এয়াই নহয়, ইউনিফৰ্মৰ পৰাও বঞ্চিত হৈ আছে বিদ্যলয়খনৰ শিক্ষাৰ্থী ৷ এই বিষয়ত ৰাইজে স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে সাংসদ আব্দুল খালেকক অৱগত কৰিছে যদিও, বৰ্তমানলৈ গ্ৰহণ কৰা নাই কোনো সু ব্যৱস্থা ৷
জনীয়া সমষ্টিৰ এখন জৰাজীৰ্ণ বিদ্যালয় - মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যায়
যিকোনো সময়তে টিনপাত উৰুৱাই নিয়াৰ লগতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ ৷
![জনীয়া সমষ্টিৰ এখন জৰাজীৰ্ণ বিদ্যালয় এখন জৰাজীৰ্ণ বিদ্যালয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6389080-404-6389080-1584050122329.jpg)
এখন জৰাজীৰ্ণ বিদ্যালয়
জনীয়া সমষ্টিৰ এখন জৰাজীৰ্ণ বিদ্যালয়