অসম

assam

By

Published : Jul 21, 2019, 2:58 PM IST

ETV Bharat / state

অসম্পূৰ্ণ দলঙে জ্বলাকলা খুৱাইছে জনীয়াৰ কাদং-কান্দাপাৰাৰ বাসিন্দাক

দলংখনৰ কাম আধৰুৱা হৈ ৰোৱাৰ লগতে এইক্ষেত্ৰত সকলো দেখিও বিভাগীয় কৰ্তৃপক্ষই নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ ফলত ভৰ বাৰিষা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

ভগা দলঙে জ্বলাকলা খুৱাইছে কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজক

জনীয়া, ২১ জুলাই : জনীয়া সমষ্টিৰ কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে পৰিগণিত হোৱা কান্দাপাৰাস্থিত চাউলখোৱা নৈৰ ওপৰত থকা দলংখনে জ্বলাকলা খুৱাইছে ৰাইজক ৷ বিগত বৰ্ষৰ বাৰিষাত উটি যোৱা দলংখন আজিপৰ্যন্ত মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে ৷ একমাত্ৰ ঠিকাদাৰৰ কামৰ লেহেমীয়া গতিৰ বাবে দলংখনৰ কাম আধৰুৱা হৈ ৰোৱাৰ লগতে এইক্ষেত্ৰত সকলো দেখিও বিভাগীয় কৰ্তৃপক্ষই নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ ফলত ভৰ বাৰিষা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

ভগা দলঙে জ্বলাকলা খুৱাইছে কাদং আৰু কান্দাপাৰা অঞ্চলৰ ৰাইজক
ইপিনে প্ৰাক্তন বিধায়ক তথা সাংসদ আব্দুল খালেক বিধায়ক হৈ থকা সময়ত দলঙৰ কামটো ঠিকাদাৰে আৱন্টন পাইছিল । কিন্তু দলংখনৰ কাম বৰ্তমানলৈকে সম্পূৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details