অসম

assam

By

Published : Sep 2, 2021, 10:07 PM IST

ETV Bharat / state

মাস্ক-ছেনিটাইজাৰ বিতৰণৰ নামত দূৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ ফাৰুক

ৰঙা ঘৰৰ আলহী হ'ল বৰপেটাৰ সৰভোগ সমষ্টিৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ফাৰুক আব্দুল্লা ৷ আঁচনি ৰূপায়নৰ নামত চৰকাৰী ধন আত্মসাতৰ অভিযোগত সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ফাৰুকক ৷

panchayat-president-arrested-for-covid-management-scam-allegations
মাস্ক-ছেনিটাইজাৰ বিতৰণৰ নামত দূৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ ফাৰুক


বৰপেটা, ২ ছেপ্টেম্বৰ : গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে গাঁও পঞ্চায়তৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত কেলেংকাৰিৰ অভিযোগত বৰপেটাৰ সৰভোগ সমষ্টিৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ফাৰুক আব্দুলাক গ্ৰেপ্তাৰ কৰিছে সৰভোগ আৰক্ষীয়ে ৷ ২০২০-২১ বৰ্ষত কৰ’ণা প্ৰতিৰোধৰ বাবে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰ নামত ৩ লাখ ১২ হেজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ আছিল সভাপতি ফাৰুকৰ বিৰুদ্ধে ।

ৰাইজৰ অভিযোগ মতে, কোনো এজন লোককে ছেনিটাইজাৰ আৰু এখনো মাস্ক বিতৰণ নকৰাকৈয়ে এই সমগ্ৰ ধন আত্মাসাৎ কৰিছিল তেওঁ । ইপিনে, গাঁও পঞ্চায়তখনৰ অন্তৰ্গত গেন্দা আকণ্ড হাই মাদ্ৰাছাৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত ৮ লাখ ৫০ হেজাৰ টকাৰ কাম আধাতে এৰি বাকী থকা টকাখিনি আত্মসাৎ কৰাৰো অভিযোগ আছে পঞ্চায়তৰ সভাপতি গৰাকীৰ বিৰুদ্ধে ।

মাস্ক-ছেনিটাইজাৰ বিতৰণৰ নামত দূৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ ফাৰুক

তদুপৰি পঞ্চায়তখনৰ অন্তৰ্গত শান্তি বজাৰৰ হাকোৱা নদীৰ ওপৰত থকা এখন কাঠৰ দলঙৰ মেৰামতিৰ নামত অহা সাত লাখ টকাৰে আঁচনিৰ সামান্য কাম কৰি পঞ্চায়তৰ সভাপতি ফাৰুকে সম্পূর্ণ ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে । ইতিমধ্যে, দুর্নীতিগ্ৰস্ত হোৱাৰ অভিযোগ কৰি সভাপতি ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে ৰাইজে সৰভোগ আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিচতে আৰক্ষীয়ে পঞ্চায়ত সভাপতিজনক গ্ৰেপ্তাৰ কৰে ৷

ইপিনে আৰক্ষীয়ে পঞ্চায়ত সভাপতিজনক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ আদালতে আৰক্ষীৰ আবেদনৰ ভিত্তিত সভাপতিজনক ৫ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ৷ গাঁও পঞ্চায়তৰ সভাপতি এগৰাকীয়ে চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ বৰপেটাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম বাহাল থকাক লৈ সুখী অসমবাসী : বিজেপি

ABOUT THE AUTHOR

...view details