অসম

assam

ETV Bharat / state

ধন আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়ে পঞ্চায়তৰ জিআৰএছে!

বৰপেটাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 57 নং ইছৱপুৰ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমানৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ পঞ্চায়তৰ অন্তৰ্গত দুখীয়া ৰাইজে 500-1200 টকা আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

By

Published : Nov 28, 2020, 10:21 AM IST

panchayat grs corruption
পঞ্চায়তৰ জিআৰএছৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

জনীয়া,28 নৱেম্বৰ : জবকাৰ্ড বনোৱাৰ নামত 1200 টকা আদায় লোৱা বৰপেটা জিলাৰ 57 নং ইছৱপুৰ গাঁও পঞ্চায়তৰ গ্ৰাম্য় জিআৰএছ খলিলুৰ ৰহমানৰ লুণ্ঠনৰাজত অতিষ্ঠ হৈছে পঞ্চায়তবাসীৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকল । খলিলুৰ ৰহমানৰ দুখীয়াৰ বিৰুদ্ধে উৰ্দ্ধতন কৰ্তৃপক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে ৷

পঞ্চায়তৰ জিআৰএছৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

উল্লেখ্য যে,বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 57 নং ইছৱপুৰ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমানৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ উত্থাপন কৰা নিৰুপায় দুখীয়া লোকসকলে চকুলো টুকিবলগীয়া হৈছে। পঞ্চায়তৰ অন্তৰ্গত দুখীয়া ৰাইজে 500-1200 টকা আদায় নিদিলে এখন জবকাৰ্ড বনাই নিদিয়ে জিআৰএছ খলিলুৰে ।

ইয়াৰোপৰি চৰকাৰে আবণ্টন দিয়া প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো জিআৰএছ খলিলুৰ ৰহমানক 500-1500 হাজাৰ টকা আদায় নিদিলে হিতাধিকাৰীয়ে বঞ্চিত হ’বলগীয়া হয় প্ৰাপ্য ধনৰ পৰা । আনহাতে দুবৰি বনত জিআৰএছ গৰাকীক ধন আদায় দিলে বহু পুৰণি ঘৰ মেৰামতি কৰি সম্পূৰ্ণ ধন মোকলাই হিতাধিকাৰীৰ সৈতে ভাগ-বতৰা কৰি লোৱাৰ বহু অভিযোগ উত্থাপন হৈছে ৷

বিগত 7 বছৰ ধৰি একে ঠাইত চাকৰি কৰি থকাৰ বাবে তেওঁ এই লুণ্ঠনৰাজ চলাবলৈ সক্ষম হৈছে বুলি ৰাইজে অভিযোগ তুলিছে । সেয়েহে শীঘ্ৰেই জিআৰএছ খলিলুৰ ৰহমানক ইছৱপুৰ গাওঁ পঞ্চায়তৰ পৰা বদলি কৰি পঞ্চায়তবাসীক ৰক্ষা কৰিবলৈ উৰ্দ্ধতন কৰ্তৃপক্ষক আবেদন জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল

ABOUT THE AUTHOR

...view details