বৰপেটা, ১৪ জুন : একালত বছৰৰ ১২ মাহে খেতি-বাতিৰে নদন বদন পথাৰখন এতিয়া বছৰৰ ১২ মাহেই থাকে পানীৰ তলত ৷ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে পল্লা নৈৰ জান এটা বেদখল কৰি গাঁও গঢ়ি তোলাৰ পিচতেই পথাৰখনৰ পৰা পানী ওলাই যাব নোৱাৰি এতিয়া এই অৱস্থা খেতিপথাৰখনৰ ৷ ফলত মৈৰামাৰী গাঁওবাসীৰ সন্মুখত সৃষ্টি হৈছে গভীৰ আৰ্থিক সংকটৰ ৷
বৰপেটাৰ ঐতিহাসিক পল্লা নৈৰ ঘাট বেদখল : আৰ্থিক সংকটত গাঁওবাসী গাঁওবাসীৰ অভিযোগ, পল্লা নৈৰ জানটোৰ লগতে শ্লু’ইছ গেটখনো বন্ধ কৰি একাশই ঘৰ দুৱাৰ, বাট পথ নিৰ্মাণ কৰি পথাৰৰ পানীভাগ ওলাই যোৱা পথসমূহ বন্ধ কৰি দিয়াৰ পৰিণাম ভুগিছে গাঁওবাসীয়ে ৷ গাঁওবাসীয়ে কলে, ঐতিহাসিক পল্লা নৈৰ ঘাটটোত মৈৰামাৰা গাঁওবাসীয়ে মহাত্মা গান্ধীৰ চিতাভস্ম বিসৰ্জন দিছিল ৷ এনে এটা ঐতিহাসিক ঘাটৰো এতিয়া কোনো চিন মোকামেই নোহোৱা কৰিছে বেদখলকাৰীয়ে ৷
বৰপেটাৰ ঐতিহাসিক পল্লা নৈৰ ঘাট বেদখল : আৰ্থিক সংকটত গাঁওবাসী পূৰ্বে প্ৰশাসনে এবাৰ জানটো বেদখলমুক্ত কৰিছিল যদিও পুনৰ একেই আগ্ৰাসন বেদখলকাৰীৰ ৷ ফলত মৈৰামাৰা গাঁওবাসীৰ কি কৰো, ক'লৈ যাঁও অৱস্থা ৷ তথাপি চৰকাৰৰ বেদখল উচ্ছেদ নীতিত সন্তুষ্ট গাঁওবাসীৰ দাবী, জানটো মুকলি কৰি পথাৰখনৰ পানীভাগ ওলাই যোৱাৰ ব্যৱস্থা হাতত লওক চৰকাৰ প্ৰশাসনে ৷ আনকি বৰপেটা জিলা প্ৰশাসনৰ লগতে বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো সমস্যাটোৰ কথা অৱগত কৰিছে গাঁওবাসীয়ে ৷ এতিয়া চৰকাৰে জানটো বেদখলমুক্ত কৰি মৈৰামাৰা গাঁৱৰ কৃষকসকলৰ সমস্যা কিদৰে সমাধান কৰে তালৈ গাওবাসীয়ে আগ্ৰহেৰে বাট চাইছে ৷
লগতে পঢ়ক :উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ