জনীয়া, ১৬ অক্টোবৰ: শুকুৰবাৰে বৰপেটাৰ কলগাছিয়াৰ চাৰিআলি চকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পথৰ মাজতে PACL কোম্পানীৰ এজেণ্টক আগভেটি ধৰি জমা থোৱা ধন ঘূৰাই দিবলৈ দাবী জনাই একাংশ মহিলাই । দৰাচলতে PACL কোম্পানীৰ এজেণ্ট আজগৰ আলীয়ে এই মহিলাসকলৰ পৰা মাহে ১২০-২০০ টকাকৈ সংগ্ৰহ কৰিছিল । মহিলাসকলৰ অভিযোগ অনুসৰি আজগৰে প্ৰায় ৫ বছৰ ৬ মাহ ধৰি ধন সংগ্ৰহ কৰিছিল অঞ্চলটোৰ মহিলাসকলৰ পৰা ।
কিন্তু ২০১৪ চনত মেছ্যুৰিটী হোৱা ধন আজি পৰ্যন্ত গ্ৰাহকে লাভ কৰা নাই । সেয়ে, প্ৰাপ্য ধন লাভ নকৰাত ক্ষুদ্ধ হৈ পৰে মহিলাসকল । ১৬ গৰাকী মহিলাক ধন জমা দিয়াৰ ৰছিদো দিয়া হৈছিল । কিন্তু মহিলাসকলে ধন লাভ কৰিবলৈহে সক্ষম হোৱা নাই ।
সেয়ে, মহিলাসকলে আজগৰ আলীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পাচতে আজগৰ আলীয়ে শুকুৰবাৰে কলগাছিয়া আৰক্ষী থানাত উপস্থিত হয় ।