অসম

assam

ETV Bharat / state

কলগাছিয়াৰ শওপুৰৰ আদৰ্শ আৱাসিক বিদ্যালয়ত উপস্থিত পাব্লিক একাউণ্ট কমিটি

কলগাছিয়াৰ শওপুৰৰ আদৰ্শ আৱাসিক বিদ্যালয় পৰ্যবেক্ষণ কৰে পাব্লিক একাউণ্ট কমিটি (PAC)ৰ এটা দলে ৷ ইয়াৰ লগতে দলটোৱে বেঁকী নৈৰ গৰাখহনীয়া সম্পৰ্কেও বুজ লয় ৷

By

Published : Nov 10, 2021, 2:16 PM IST

Model School Visit by PAC
কলগাছিয়াৰ শওপুৰৰ আদৰ্শ আৱাসিক বিদ্যালয়ত উপস্থিত পাব্লিক একাউণ্ট কমিটি (PAC)কলগাছিয়াৰ শওপুৰৰ আদৰ্শ আৱাসিক বিদ্যালয়ত উপস্থিত পাব্লিক একাউণ্ট কমিটি (PAC)

কলগাছিয়া, 10 নৱেম্বৰ :বৰপেটা নিৰ্মাণ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ শওপুৰৰ আদৰ্শ আৱাসিক বিদ্যালয় পৰিদৰ্শন কৰে পাব্লিক একাউণ্ট কমিটি (PAC)ৰ এটা দলে ৷ 2018 বৰ্ষত MSDP আঁচনিৰ অন্তৰ্গত 30 কোটি 42 লাখ 69 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আদৰ্শ আৱাসিক বিদ্যালয়খনত 9 নৱেম্বৰত চৰকাৰৰ পাব্লিক একাউন্ট কমিটি (PAC)ৰ দলটো উপস্থিত হয় ৷

কলগাছিয়াৰ শওপুৰৰ আদৰ্শ আৱাসিক বিদ্যালয়ত উপস্থিত পাব্লিক একাউণ্ট কমিটি (PAC)

পাব্লিক একাউন্ট কমিটিৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বসন্তকুমাৰ দাস, হাফিজ বছিৰ আহমেদ কাছিমি, ভবেন্দ্ৰ নাথ ভড়ালী, কৰিমুদ্দিন বৰভূঞা, কমলাক্ষ দে’ পুৰকাস্থ আৰু মানৱ ডেকাকে ধৰি ভালে সংখ্যক প্ৰতিনিধিয়ে শওপুৰ আৱাসিক আদৰ্শ বিদ্যালয়খন পৰ্য্যবেক্ষণ কৰি কামৰ বুজ লয় ৷

বেঁকী নৈৰ গৰাখহনীয়া

ইয়াৰ লগতে বেঁকী নৈৰ গৰাখহনীয়া পৰিস্থিতিৰো বুজ লয় দলটোৱে ৷ বেঁকী নৈৰ গৰাখহনীয়াই উছন কৰা দ্বিতীয় বিকল্প ৰাজ্যিক ঘাই পথটোৰ ক্ষতিগ্ৰস্থ অঞ্চলটো পৰিদৰ্শন কৰি অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনাব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে প্ৰতিনিধি দলটোৱে ৷

বেঁকী নৈৰ গৰাখহনীয়া

লগতে চাওক :বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ ফল : চৰাইদেউত চলিছে বন ধ্বংস

ABOUT THE AUTHOR

...view details