জনীয়া, 6 নৱেম্বৰ :বৰপেটা জিলা প্ৰশাসনে গধুৰ যানবাহন চলাচল বন্ধ কৰি দিয়াৰ পিছতো সেই নিৰ্দেশনাক কেৰেপ নকৰি দিনে-নিশাই চলি আছে গধুৰ যান বাহনসমূহ ৷ যাৰ বাবে শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বামুনটাৰী বজাৰত ৷ স্থানীয় একাংশ ৰাইজে আৱদ্ধ কৰিলে গধুৰ যান-বাহন সমূহ ৷
উল্লেখ্য যে বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াৰ পৰিণতিত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো বৰ্তমান নদীৰ বুকুত বিলীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷ যাৰ ফলত ঘাইপথটো গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিবৰ বাবে জিলা প্ৰশাসনে ৰাজ্যিক ঘাইপথটোৰ কাষত পথ বন্ধ ফলক লগাই দিছে ৷ কিন্তু প্ৰশাসনৰ নীতি-নিৰ্দেশনা তথা সচেতন স্থানীয় ৰাইজৰ দাবীক কেৰেপ নকৰি অহৰহ বাছ, 14 আৰু 16 চকীয়া অভাৰলোড ট্ৰাকৰ চলাচল অব্যাহত আছে ৷