অসম

assam

ETV Bharat / state

সৰভোগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ৰাজস্থানীৰ - ৰমেশ কুণ্টা নামৰ ৰাজস্থানৰ লোক

বৰপেটাৰ সৰভোগৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰে অঘটন ৷ সৰভোগ স্বাস্থ্যকেন্দ্ৰত কোৱাৰেণ্টাইন হৈ থকা ৰমেশ কুণ্টা নামৰ ৰাজস্থানৰ লোক এজনৰ পলায়ন ৷ স্বাস্থ্যকেন্দ্ৰটোৰ দুৱাৰ-খিৰিকী ভাঙি পলায়ন কৰাৰ পিছতে স্বাস্থ্যকেন্দ্ৰটোৰ বিষয়ববীয়াই বৰপেটা আৰক্ষী, উৰ্ধতন কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক অবগত কৰে ৷ বৰ্তমানো সন্ধানহীন হৈ আছে লোকজন ৷

সৰভোগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ৰাজস্থানীৰ
সৰভোগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ৰাজস্থানীৰ

By

Published : May 15, 2020, 6:03 PM IST

বৰপেটা, ১৫ মে’ : বৰপেটাৰ সৰভোগৰ কোৱাৰেণ্টাইন কেন্দ্ৰত 22 এপ্ৰিলৰ পৰা কোৱাৰেণ্টাইন হৈ থকা ৰাজস্থানৰ লোক এজনৰ পলায়নক লৈ শুকুৰবাৰে সমগ্ৰ বৰপেটাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ স্বাস্থ্যকেন্দ্ৰটোৰ দুৱাৰ-খিৰিকী ভাঙি পলায়ন কৰে ৰাজস্থানৰ ৰমেশ কুণ্টা নামৰ লোকজনে ৷ লগতে তেওঁ ৰাজস্থানৰ মহেন্দ্ৰগঞ্জ জিলাৰ জয়পুৰৰ ৰেবাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে স্বাস্থ্যকেন্দ্ৰটোৰ বিষয়ববীয়াই বৰপেটা আৰক্ষী, উৰ্ধতন কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক অবগত কৰিছে যদিও এইপৰ্যন্ত সন্ধানহীন হৈ আছে ৰমেশ কুণ্টা ৷

সৰভোগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ৰাজস্থানীৰ

উল্লেখ্য যে, ৰাজস্থানৰ লোকজনে কৰ্মসূত্ৰে গুৱাহাটীলৈ যোৱাৰ পিচতেই আৰম্ভ হৈছিল লকডাউন ৷ ইয়াৰ পিছতে গুৱাহাটীৰ পৰা ৰাজস্থানলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত সৰভোগত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল তেওঁক ৷ ২৮ দিনৰ কোৱাৰেণ্টাইনত থকা লোকজনে ইতিমধ্যে ২৩ দিন পাৰ কৰিছিল যদিও বিগত কেইবাদিন ধৰি স্বাস্থ্যকেন্দ্ৰটোত উদ্ভাণ্ডালি আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইফালে, তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্টত কোভিড-19 নিগেটিভ পোৱা গৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : দৰঙত ৬১৬জনৰ নমুনা সংগ্ৰহ, ৩৩৩জনৰ ফলাফল নিগেটিভ

ABOUT THE AUTHOR

...view details