জনীয়া, 15 এপ্ৰিল :ব’হাগৰ আৰম্ভণিতে ৰাজ্য জোঁকাৰি গ’ল এজাক কাল ধুমুহাই ৷ গৰু বিহুৰ দিনাই নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলগাছিয়াৰ ভিন্ন অঞ্চলটো বৰদৈচিলাই চলাই তাণ্ডৱ । তথ্য অনুসৰি, গৰু বিহুৰ দিনা বিয়লি ভাগত অহা এজাক ধুমুহা আৰু শিলাবৃষ্টিয়ে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে (Thunderstorm shook Barpeta) ৷
বৃহস্পতিবাৰ বিয়লিৰ ভাগত হঠাৎ অহা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি তচনচ হয় (Storm in Barpeta) ৷ ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা । কেৱল গছ-গছনি ভঙাই নহয়, বৰপেটাৰ লুৰফুৰীয়াত কাল ধুমুহা(Heavy storm lashes Barpeta)ৰ ফলত এডাল প্ৰকাণ্ড গছৰ তলত পৰি মৃত্যু হয় এগৰাকী যুৱতীৰ ৷
মৃত যুৱতীগৰাকী বাঘবৰ ৰাজহ চক্ৰ তথা বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত লুৰফুৰীয়া গাঁৱৰ খবিৰ উদ্দিনৰ বিশেষভাৱে সক্ষম কন্যা ফুলজান নেছাৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ধুমুহা অহাৰ সময়ত ফুলজান নেছাৰ পৰিয়ালৰ আন চাৰিগৰাকী সদস্যৰ সৈতে এখন বিছনাত বহি আছিল ৷ তেনে সময়তে প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰৰ পিছফালে থকা এটা প্ৰকাণ্ড গছ উভালি ঘৰৰ ওপৰত বাগৰি পৰে ।