বৰপেটা,৩০ জুন: পুনৰ কৰ’ণাত আক্ৰান্ত হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চ ৷ কৰ’ণাত আক্ৰান্ত নাৰ্চ গৰাকী চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা নাৰ্চগৰাকী বিগত চাৰি দিনে আছিল হোম কোৱাৰেণ্টাইনত ৷ সোমবাৰে কৰা স্বাৱৰ পৰীক্ষাত নাৰ্চগৰাকীৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰে ৷
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত - Covid 19 update barpeta
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ সোমবাৰে কৰা স্বাৱৰ পৰীক্ষাত নাৰ্চগৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷
![বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত One nurse tested covid 19 positive of Barpeta medical college hospital assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7830443-thumbnail-3x2-a.jpg)
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত
পূৰ্বতেও বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দুগৰাকী কণিষ্ঠ চিকিৎসকৰ লগতে চাৰি গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ তদুপৰি হাস্পতালখনত চিকিৎসাধীন এগৰাকী প্ৰসূতি আৰু অস্থিৰোগ বিভাগৰ এগৰাকী ৰোগীৰ শৰীৰতো ধৰা পৰিছিল ভাইৰাছবিধৰ উপস্থিতি ৷ সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনেদৰে ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাৰ পিছত স্বাভাৱিকতে আতংকৰ সৃষ্টি হৈছে বৰপেটাবাসীৰ মাজত ৷
লগতে চাওকঃবিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ