অসম

assam

ETV Bharat / state

পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন! - পোহৰ শিল্পীৰ মৃত্যু

নাটকৰ আখৰা প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ট হৈ এজন পোহৰ শিল্পীৰ মৃত্যু হয়৷ প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ট হৈ এজন পোহৰ শিল্পীৰ মৃত্যু হয়৷

পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন!

By

Published : Aug 27, 2019, 12:06 PM IST

পাঠশালা, 27 আগষ্টঃসোমবাৰে নিশা পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন ৷ নাটকৰ আখৰা প্ৰস্তুতিৰ মাজতে বিদ্যুৎপৃষ্ঠ হৈ এজন পোহৰ শিল্পীৰ মৃত্যু ৷

মৃত শিল্পী গৰাকীৰ নাম দেবেন ৰয় ৷শিল্পী গৰাকীৰ ঘৰ বজালীৰ ভোটান্ত মহীতৰাত বুলি জানিব পৰা গৈছে ৷ বিগত 32 বছৰ তেওঁ ভ্ৰাম্যমান থিয়েটাৰত পোহৰ শিল্পী হিচাপে কৰ্মৰত আছিল ৷ প্ৰযোজক তপন লহকৰে দেবেন ৰয়ক চিকিৎসালয়লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ প্ৰথম দৰ্শনী সমাপ্ত হোৱাৰ পিচত নাটকৰ বাবে কাৰিকৰী চমক সৃষ্টিৰ বাবে কাম কৰা ক্ষণতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

পাঠশালাৰ কহিনুৰ থিয়েটাৰত অঘটন!

ABOUT THE AUTHOR

...view details