অসম

assam

ETV Bharat / state

এখন ভৰিৰে চাইকেল চলায় ৰাইজক চৰকাৰী আঁচনিৰ ক্ষান বিলাইছে ৰাকেশে - one legged bicycle rider

শাৰীৰিক অক্ষমতাক নেওচি ওখন ভৰিৰে চাইকেল চলাই গোৱৰ্ধনাত উপস্থিত প্ৰখ্যাত চাইকেল আৰোহী ৰাকেশ বণিক ৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিভিন্ন উন্নয়ন মূলক আঁচনি সম্পৰ্কত সজাগতা সৃষ্টিৰ লক্ষ্যৰে গোৱৰ্ধনাত উপস্থিত প্ৰখ্যাত চাইকেল আৰোহী গৰাকী ৷ ২৫ চেপ্টেম্বৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি সোমবাৰে পশ্চিম হাউলী গাঁও পঞ্চায়তৰ কাৰ্যলয়ত এখন সজাগতা সভাত অংশ গ্ৰহণ চাইকেল আৰোহী গৰাকীৰ ৷

এখন ভৰিৰে চাইকেল চলাই গোৱৰ্ধনাত উপস্থিত ৰাকেশ বণিক
এখন ভৰিৰে চাইকেল চলাই গোৱৰ্ধনাত উপস্থিত ৰাকেশ বণিক

By

Published : Sep 29, 2020, 11:22 AM IST

বৰপেটা, 29 ছেপ্টেম্বৰ :পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ লক্ষ্যৰে গোৱৰ্ধনাত উপস্থিত প্ৰখ্যাত চাইকেল আৰোহী ৰাকেশ বণিক ৷ এখন ভৰিৰে চাইকেল চলাই গোৱৰ্ধনাত উপস্থিত হ'ল চাইকেল আৰোহী গৰাকী ৷ শাৰীৰিক অক্ষমতাকো নেওচি এখন ভৰিৰেই চাইকেল চলাই ইখনৰ পিছত সিখন জিলালৈ ঘূৰিছে প্ৰখ্যাত চাইকেল আৰোহী গৰাকী ৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ চাইকেল আৰোহী গৰাকীৰ ৷

এখন ভৰিৰে চাইকেল চলাই সজাগতা সভাত অংশগ্ৰহণ ৰাকেশ বণিকৰ

সোমবাৰে পশ্চিম হাউলী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন সজাগতা সভাত চাইকেল আৰোহী গৰাকীয়ে অংশ লয় ৷ বিগত ২৫ ছেপ্টেম্বৰত বণিকে গুৱাহাটীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি বকো, গোৱালপাৰা হৈ সোমবাৰে গোৱৰ্ধনাৰ পশ্চিম হাউলী গাঁও পঞ্চায়তত উপস্থিত হৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ বণিকে জানিবলৈ দিয়ে যে 20 দিনৰ ভিতৰত প্ৰায় 2000 কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰি তেওঁ ৰাজ্যখনৰ বিভিন্ন জিলাত এই সজাগতা অভিযান চলাব ৷

লগতে পঢ়ক:বৰপেটাৰ বহৰিত চোৰাং কাঠ জব্দ

ABOUT THE AUTHOR

...view details