অসম

assam

ETV Bharat / state

ধিঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী মহিলাৰ - জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংহাৰী ৰূপ

ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিছে আতংকৰ ৷ এনকেফেলাইটিছত আক্ৰান্ত হৈ বিগত ৮ জুনৰ পৰা চিকিৎসাধীন হৈ মঙলবাৰে মৃত্যুক সাৱতি লয় ধিঙৰ এগৰাকী মহিলাই ৷

জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিছে আতংকৰ

By

Published : Jul 2, 2019, 11:25 PM IST

বটদ্ৰৱা, 2 জুলাই : জাপানীজ এনকেফেলাইটিছে ৰাজ্যজুৰি সৃষ্টি কৰিছে আতংকময় পৰিস্থিতিৰ ৷ ইতিমধ্যে ৰাজ্যজুৰি এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱতিছে প্ৰায় 30 গৰাকীকৈ লোকে ৷ মঙলবাৰে এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটে ধিঙৰ লাকলঙীয়া গাঁৱৰ বীনা বৰা নামৰ এগৰাকী মহিলাৰ । বিগত ৮ জুনৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীয়ে আজি মৃত্যুক সাৱতি লয় ৷

জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিছে আতংকৰ

উল্লেখ্য যে, ধিং অঞ্চলত সম্প্ৰতি এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও এই পৰ্যন্ত সংশ্লিষ্ট অঞ্চলসমূহলৈ অহা নাই ধিং এফ আৰু ইউৰ চিকিৎসা বিষয়াৰ দল । তদুপৰি বৰ্তমানলৈকে নগাঁও জিলা স্বাস্থ্য বিভাগেও অঞ্চলটোত কোনো ধৰণৰ প্ৰতিষেধক ব্যৱস্থা হাতত লোৱা নাই । অঞ্চলটোৰ লোকে বাৰে বাৰে স্বাস্থ্য বিভাগক জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকলে ।

ABOUT THE AUTHOR

...view details