কলগাছিয়া,৮ ছেপ্টেম্বৰ :বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা । মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ (Bike and E Rickshaw collision in Barpeta) ফলত থিতাতে নিহত এজন কলেজীয়া ছাত্ৰ । জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো (College student dies in road accident at Kalgachia)।
দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰজনৰ নাম মুছাৰফ হুছেইন বুলি জানিব পৰা গৈছে । অভয়াপুৰী থানাৰ অন্তৰ্গত বালাপাৰা, মাত্ৰাঘোলা গাঁওৰ বাসিন্দা আছিল ২১ বছৰীয়া মুছাৰফ । আনহাতে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল মুছাৰফ । পঞ্চম ষান্মাসিকৰ নামভৰ্তিৰ বাবে কলেজলৈ গৈ দুৰ্ঘটনাত পতিত হয় মুছাৰফ (Road accident at Barpeta)।