অসম

assam

By

Published : Apr 19, 2021, 12:45 PM IST

ETV Bharat / state

কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাৰ এগৰাকী যুৱকৰ মৃত্যু

সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ বৰপেটা চহৰত এগৰাকী যুৱকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ আক্ৰান্ত যুৱকজন বিগত প্ৰায় এক সপ্তাহ ধৰি গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি গুৱাহাটীতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

http://10.10.5কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাৰ এগৰাকী যুৱকৰ মৃত্যু0.80:6060//finalout3/assam-nle/thumbnail/19-April-2021/11454654_996_11454654_1618807721565.png
http://10.10.5কৰ’ণাত আক্ৰান্ত হৈ বৰপেটাৰ এগৰাকী যুৱকৰ মৃত্যু0.80:6060//finalout3/assam-nle/thumbnail/19-April-2021/11454654_996_11454654_1618807721565.png

বৰপেটা, 19 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ মহামাৰী কৰ’ণাত দিনক দিনে বাঢ়িব ধৰিছে আক্ৰান্তৰ মৃত্যু হাৰ ৷ বৰপেটা চহৰতো এগৰাকী যুৱকৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ জানিব পৰা মতে মৃত যুৱকজন বৰপেটা চহৰৰ দহাটীৰ অৰূপজ্যোতি চৌধুৰী ৷ দেওবাৰে বিয়লি গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাত যুৱকজনৰ মৃত্যু হয় ৷ আক্ৰান্ত যুৱকজন বিগত প্ৰায় এক সপ্তাহ ধৰি গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷

উল্লেখ্য যে, ৰাজ্য় চৰকাৰে কৰ’ণাৰ সৈতে যুদ্ধ কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সেয়েহে চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি গুৱাহাটীতেই অৰূপজ্যোতি চৌধুৰীয়ে শেষকৃত্য সম্পন্ন কৰা হয় ৷ জানিব পৰা মতে যুৱকজনে ঠিকাদাৰ হিচাপে জীৱিকা নিৰ্বাহ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই শিশু সন্তানক এৰি থৈ যায় ৷ যুৱকজনৰ মৃত্যুক লৈ বৰপেটাত গভীৰ শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক :ধেমাজিত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৬৯ গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details