অসম

assam

ETV Bharat / state

ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে বৰপেটাত যুৱকৰ মৃত্যু

ক'ভিড ভেকচিন গ্ৰহণৰ পাচতেই বৰপেটাত মৃত্যু যুৱকৰ ৷ বজালীৰ সৰুপেটাৰ দীপজ্যোতি তালুকদাৰ নামৰ যুৱকজনে সৰুপেটা চৰকাৰী চিকিৎসালয়ত ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে অসুস্থ হৈ পৰে ৷ নিৰ্বাচনী কৰ্তব্যলৈ যোৱাৰ বাবেই যুৱকজনে ক'ভিড ভেকচিন গ্ৰহণ কৰিবলৈ গৈছিল যদিও বৰপেটা মেডিকেল কলেজ হাস্পাতালত যুৱকজনৰ মৃত্যু হয় ৷

ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে বৰপেটাত যুৱকৰ মৃত্যু
ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে বৰপেটাত যুৱকৰ মৃত্যু

By

Published : Mar 30, 2021, 10:52 PM IST

বৰপেটা, ৩০ মাৰ্চ: বৰপেটাত অঘটন ৷ ক'ভিড ভেকচিন গ্ৰহণৰ পাচতেই মৃত্যু যুৱকৰ ৷ বজালীৰ সৰুপেটাৰ দীপজ্যোতি তালুকদাৰ নামৰ যুৱকজনে সৰুপেটা চৰকাৰী চিকিৎসালয়ত ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে অসুস্থ হৈ পৰে ৷ ভেকচিন গ্ৰহন কৰি সুস্থ অৱস্থাত ঘৰলৈ গৈছিল যদিও খন্তেক সময়ৰ পাচতে অসুস্থ হৈ পৰে যুৱকজন ৷ পৰিয়ালৰ লোকে ততালিকে সৰুপেটাৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসক নথকাৰ বাবে ভৱানীপুৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাই ৷ হঠাতে যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷

ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে বৰপেটাত যুৱকৰ মৃত্যু

উল্লেখ্য যে, 29 বছৰীয়া দীপজ্যোতি তালুকদাৰ সৰুপেটাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী আছিল ৷ নিৰ্বাচনী কৰ্তব্যলৈ যোৱাৰ বাবেই যুৱকজনে ক'ভিড ভেকচিন গ্ৰহণ কৰিবলৈ গৈছিল যদিও বৰপেটা মেডিকেল কলেজ হাস্পাতালত যুৱকজনৰ মৃত্যু হয় ৷ অৱশ্যে যুৱকজনৰ মৃত্যু সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই কোনো ধৰণৰ স্বাস্থ্য সম্বন্ধীয় প্ৰতিবেদন প্ৰকাশ কৰা নাই যদিও মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাচতহে প্ৰকাশ পাব বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়ক:কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details