বৰপেটা, ৩০ জুনঃ বৰপেটাৰ হাউলীৰ আমতলত ঘৰৰ ভিতৰতে পানীত পৰি মৃত্যু এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ৷ ওচৰৰ লোকে খবৰ ল'বলৈ আহি মঙলবাৰে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত মহিলা গৰাকীক ৷ মৃত মহিলাগৰাকীৰ নাম ডালিমী দাস ।
পানীত পৰি মৃত্যু এগৰাকী জ্যেষ্ঠ মহিলা ! বৰপেটা জিলাৰ আমতলত সংঘটিত হয় এক কৰুণ ঘটনা ৷ নিজ ঘৰৰ ভিতৰত পানীৰ মাজত পৰা উদ্ধাৰ হয় মহিলী গৰাকীৰ মৃতদেহ । দুগৰাকী পুত্ৰ আৰু তিনিজনী কন্যা সন্তানৰ মাতৃ মহিলাগৰাকী অকলশৰীয়াকৈ ঘৰ খনত বাস কৰি আছিল । যোৱা কেবাদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা বানত মহিলাগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল পানী । ইফালে ঘৰৰ ভিতৰত আবদ্ধ মহিলাগৰাকী কেনেবাকৈ পিচলি পৰি মৃত্যুমুখত পৰে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
স্থানীয় লোকে জনোৱামতে, যোৱা দুদিন ধৰি ঘৰৰ পৰা ওলোৱা দেখা নাছিল মহিলাগৰাকী ৷ তাৰ পিছত মঙলবাৰে খবৰ লবলৈ আহি ঘৰৰ ভিতৰত পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ লগে লগে উক্ত ঘটনাটো হাউলী আৰক্ষীক খবৰ দিয়ে । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
আনহাতে, তিনিগৰাকী কন্যাক বিবাহ দিয়া মৃত মহিলা গৰাকীৰ এজন পুত্ৰ চেন্নাইত আৰু আনজন পাঠশালাত কাম কৰি থাকে বুলি জানিবলৈ পোৱা গৈছে ৷ ৫ টাকৈ সন্তানৰ মাতৃ গৰাকী এনেদৰে শোকাৱহ মৃত্যুৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত ৷
লগতে পঢ়ক- নৱম শ্ৰেণীৰ পৰীক্ষাত বিফল হৈ ছাত্ৰৰ আত্মহত্যা