অসম

assam

By

Published : Jun 13, 2020, 5:17 PM IST

ETV Bharat / state

কলগাছিয়াত বেঁকী নৈৰ সোঁতত সলিল সমাধি এটি শিশু

বৰপেটা জিলাৰ আমগুৰিত বেঁকী নৈত গা ধুবলৈ গৈ সলিল সমাধি হয় মকিবুল হক (৭) নামৰ এটি শিশুৰ । ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

One Deadbody Recovered At Barpeta
কলগাছিয়াত বেঁকী নৈৰ সোঁতত সলিল সমাধি এটি শিশু

জনীয়া, 13 জুনঃবৰপেটা জিলাৰ আমগুৰিত বেঁকী নৈত গা ধুবলৈ গৈ এটি সাত বছৰীয়া শিশুৰ মৃত্যু হয় ৷ মৃত শিশুজনৰ নাম মকিবুল হক (৭) ৷

কলগাছিয়াৰ আমগুৰিত বেঁকী নৈৰ পৰা সাত বছৰীয়া শিশু মকিবুল হকৰ মৃতদেহ উদ্ধাৰ হয় । যোৱা বৃহস্পতিবাৰে নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মকিবুল হক (৭) নামৰ শিশুটি ।

কলগাছিয়াত বেঁকী নৈৰ সোঁতত সলিল সমাধি এটি শিশু

উল্লেখযোগ্য যে, পেহিয়েকৰ লগত বেঁকী নদীত গা ধুবলৈ গৈ নৈৰ সোঁতে উটুৱাই লৈ যায় ৷ নৈৰ সোঁতত আমগুৰি গাঁৱৰ কাশেম আলীৰ সাত বছৰীয়া পুত্ৰ মকিবুল হকৰ সলিল সমাধি ঘটে । লগে লগে স্থানীয় লোকে বৰপেটা এছ ডি আৰ এফৰ লোকক উক্ত খবৰটো অৱগত কৰে ৷ ঘটনস্থলীত এছ ডি আৰ এফৰ লোক উপস্থিত হৈ অনুসন্ধান চলাইছিল যদিও শিশুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ দুদিনৰ অন্তত শনিবাৰে দিনৰ ১ বজাত মৃতদেহটো ওপঙি উঠাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে মকিবুলৰ মৃতদেহটো । ইতিমধ্যে এই ঘটনাটো কলগাছিয়া আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক- প্ৰেমিক প্ৰেমিকাৰ গোপন মুহূৰ্তৰ বাবে মত্যুমুখত এটি শিশু

ABOUT THE AUTHOR

...view details