বৰপেটা, 20 জুন: বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাউলীত শুকুৰবাৰে নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন পথচাৰী । নিহত লোকজন ভকুৱাটেপাৰ খনীন নাথ (৪৫) বুলি জানিব পৰা গৈছে ।
বৰপেটাৰ ৰাউলীত পথ দুৰ্ঘটনা থিতাতে নিহত এজন - বৰপেটা মেডিকেল কলেজ
নিহত লোকজন ভকুৱাটেপাৰ খনীন নাথ (৪৫) বুলি জানিব পৰা গৈছে ।
![বৰপেটাৰ ৰাউলীত পথ দুৰ্ঘটনা থিতাতে নিহত এজন One dead in road accedent at Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7692334-thumbnail-3x2-p1.jpg)
বৰপেটাৰ ৰাউলীত পথ দুৰ্ঘটনা থিতাতে নিহত এজন
ঘটনাৰ বিৱৰণী অনুসৰি, বিশেষ ভাবে সক্ষম খনীন নাথে ঘৰ অভিমুখে খোজ কাঢ়ি আহি থকা অৱস্থাতে এখন তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতীয়াই থৈ যায় খনীন নাথক ৷ নিশা প্ৰায় 10 বজাত সৰ্থেবাৰী- নগাঁও পথৰ ৰাউলীত সংঘটিত হয় এই দুৰ্ঘটনা । উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে । নিশাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে সৰ্থেবাৰী আৰক্ষীয়ে ৷
লগতে পঢ়কঃ চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান