অসম

assam

ETV Bharat / state

বানত ডুব যোৱা পথত পৰি মৃত্যু এজনৰ

বৰপেটাৰ সৰ্থেবাৰীৰ বৰশলা গাঁৱত বানত ডুব যোৱা পথৰ ওপৰতে পৰি এজনৰ মৃত্যু ৷

one dead at Sarthebari Barpeta
বানত ডুব যোৱা পথত পৰি মৃত্যু এজনৰ

By

Published : Jun 30, 2020, 7:57 PM IST

বৰপেটা, ৩০ জুনঃবৰপেটাৰ সৰ্থেবাৰীৰ বৰশলা গাঁৱত বানত ডুব যোৱা পথৰ পানীত ডুবি এজন 58 বছৰীয়া লোকৰ মৃত্যু হয় ৷ ঘৰৰ সন্মুখৰ পথৰ বাঢ়নি পানীত পৰি মৃত্যু হোৱা লোকজন সৰ্থেবাৰীৰ বৰশলা গাঁৱৰ নৰেন দাস ৷ বাঢ়নি পানীৰ ফলত গাঁওখনৰ পথত সৃষ্টি হোৱা দ গাঁতত পৰি মৃত্যু হয় লোকজনৰ ৷ বিগত কেইবাদিন ধৰি গাঁওখনৰ বাট-পথৰ লগতে গাঁৱৰ বহু পৰিয়ালৰ ঘৰ-বাৰী বানত ডুব গৈ থকাৰ পিছতে মঙলবাৰে এনেদৰে এজন লোকৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলবাসীক শোকবিহ্বন কৰি তুলিছে ৷

বানত ডুব যোৱা পথত পৰি মৃত্যু এজনৰ

জানিব পৰা মতে, তিনিদিন ধৰি বিদ্যুৎ ব্যাহত হৈ আছিল লোকজনৰ বাসগৃহত ৷ মঙলবাৰে নৰেন দাস নামৰ লোকজনে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এজনক মাতিবলৈ ঘৰৰ পৰা পল্লা গাঁৱলৈ ওলাই গৈছিল ৷ ঘৰৰ পৰা ওলাই যোৱা লোকজনে নিজ গৃহৰ পৰা ২০০ মিটাৰ আঁতৰতে পথত সৃষ্টি হোৱা দ খাৱৈ এটাত পৰি যায় ৷ পথৰ ওপৰতে দ খাৱৈত বাগৰি পৰা লোকজনক উদ্ধাৰৰ বাবে এগৰাকী মহিলা আগবাঢ়ি আহিছিল যদিও বাঢ়নি পানীত ডুব যোৱা লোকজনক উদ্ধাৰত ব্যৰ্থ হয় মহিলাগৰাকী । অৱশ্যে ক্ষন্তেক সময়ৰ পিচতে স্থানীয় লোকে নৰেন দাসক উদ্ধাৰ কৰে যদিও ইতিমধ্যে লোকজন মৃত্যুমুখত পৰা বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, মৃত নৰেন দাস বাক্সা জিলাত জলসিঞ্চন বিভাগত কৰ্মৰত হৈ আছিল ।
লগতে পঢ়কঃটিকটকক ফেৰ মাৰিবলৈ সাজু ভাৰতীয় এপ চিংগাৰী

ABOUT THE AUTHOR

...view details