বৰপেটাৰোড 4 আগষ্ট : বাক্সাৰ শালবাৰীৰ বাঁহবাৰীত বুধবাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ (State Bank of India Grahak Seva Kendra)ত ডকাইতি কাণ্ড সংঘটিত হয় ৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা ডকাইতৰ দলটোৱে পিস্তল দেখুৱাই দিন দুপৰতে লুটি নিয়ে প্ৰায় চাৰি লাখ টকা ৷
দুখন বাইকত অহা তিনিজনীয়া ডকাইতৰ এটা দলে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা ধনখিনি লুট কৰি নিয়ে ৷ অৱশ্যে আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত এটা ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা বাইক দুখনো জব্দ কৰে ৷
বাক্সাত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত ডকাইতি পলায়ন কৰা ডকাইত দুটা ঘন জংঘলৰ মাজত লুকাই থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে বৰ্তমান ডকাইত দুটাৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷
একেদৰে যোৰহাটৰ জে বি ৰোডত মঙলবাৰে দিন দুপৰতে সংঘটিত হৈছে ধন লুট (Money Loot)ৰ ঘটনা ৷ আৰ পি এজেন্সীত কৰ্মৰত এজন যুৱকৰ পৰা বাইকেৰে অহা দুই চিলনী চোৰে কাঢ়ি নিয়ে টকাৰ বেগ ৷ ইয়াৰ পাচতে যুৱকজনে বাইকৰ পিছে পিছে গৈছিল যদিও চোৰ দুটাক ধৰিবলৈ সক্ষম নহ’ল ৷ যুৱকজনৰ বেগটোত মুঠ 40 হাজাৰ টকা থকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :যোৰহাটত দিন দুপৰতে চোৰে থপিয়ালে ধনৰ মোনা