অসম

assam

ETV Bharat / state

জনীয়াত 2 লাখ টকীয়া এটা বিশেষ গৰু !

জনীয়াত এটা ৰজা নামৰ গৰুৰ দৰ ১ লাখ ৬০ হেজাৰ টকা পৰ্যন্ত হৈছে গৈ ৷ ইতিমধ্যে এই বিশেষ গৰুটোক চাবলৈ সদায় বহুলোকৰ আগমণ হৈছে গৃহস্থৰ গৃহলৈ ৷

One Cow Price Rupees one Lakhs sixty Thousand Ruppes At Kalgachia
জনীয়াত এটা বিশেষ গৰুৰ দৰ 2 লাখ টকা !

By

Published : Jul 25, 2020, 3:49 PM IST

জনীয়া, 25 জুলাইঃকলগাছিয়াৰ জনীয়া সমষ্টিৰ বলাই পাথাৰ গাঁৱৰ বলধ গৰু এটাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইতিমধ্যে প্ৰত্যেক দিনে গৰুটোক চাবলৈ বহু লোক সমাগম হয় বুলি গৃহস্থ পৰিয়ালে জানিবলৈ দিয়ে ৷

জনীয়াত এটা বিশেষ গৰুৰ দৰ 2 লাখ টকা !

উল্লেখ্য যে,অহা ১ আগষ্টত ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ঈদ ৷ ইছলাম ধৰ্মালম্বী লোকৰ মাজত কোৰবাণী প্ৰথা প্ৰচলিত আছে আৰু এই ঈদতেই গৰু ছাগলী কোৰবাণী দিয়ে ইছলাম ধৰ্মালম্বী লোক সকলে ৷ ১ আগষ্টত ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ কোৰবাণী ঈদ সেই বাবে কলগাছিয়াৰ বলাই পথাৰ গাঁৱৰ লোক এজনৰ ঘৰত দেখিবলৈ পোৱা গৈছে এটা প্ৰকাণ্ড বলধ গৰু ৷ সেই গৰুটোক গৃহস্থই নাম দিছে ৰজা ৷ ইতিমধ্যে গৰুটোক বিক্ৰী কৰিবলৈ গৃহস্থই যো-যা চলাইছে ৷ ইফালে গৰুটো ক্ৰয় কৰিবলৈ গ্ৰাহকে ১ লাখ ৬০ হেজাৰ টকা পৰ্যন্ত দিয়া বুলি জনাইছে গৃহস্থই ৷ আনহাতে গৰুটোৰ মূল্য 2 লাখ টকা মূল্য ধাৰ্য কৰিছে গৃহস্থই ৷ গৃহস্থই জনোৱা মতে এই বিশেষ গৰুটোৰ উচ্চতা ৫ ফুট,দীঘল ১০ ফুট আৰু ওজন ৬ কুইন্টল বুলি ৰজাৰ গৃহস্থই জনাইছে । ইফালে দুই লাখ টকা পালে এই গৰুটোক বিক্ৰী কৰিব বুলি জনাইছে গৃহস্থই ৷

লগতে পঢ়ক- বৰপেটাত বান ক্ষতিগ্ৰস্তলৈ বিশ্ব হিন্দু পৰিষদৰ সাহায্য

ABOUT THE AUTHOR

...view details