বৰপেটা,23 এপ্ৰিল : সমগ্ৰ বিশ্বব্যাপী ক’ৰণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে বৰপেটাটো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ 21 এপ্ৰিলত এগৰাকী 91 বছৰীয়াৰ মৃত্যুৰ পাচতে শুকুৰবাৰে ৰাতিপুৱা পুনৰ এগৰাকী 62 বছৰীয়া ৰোগীৰ মৃত্যু হয় ৷
পুনৰ বৰপেটাত এগৰাকী ক'ৰণাক্ৰান্তৰ মৃত্যু - ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত 21 এপ্ৰিলত এগৰাকী 91 বছৰীয়া ৰোগীৰ মৃত্যুৰ পাচতে শুকুৰবাৰে ৰাতিপুৱা পুনৰ এগৰাকী 62 বছৰীয়া ৰোগীৰ মৃত্যু হয় ৷ কাঞ্চৰণ ব্ৰহ্ম নামৰ ব্যক্তি গৰাকীক স্বাস্থ্যৰ অৱনতি ঘটাত আই চি ইউত ৰখা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা লোকজনৰ মৃত্যু হয় ৷
পুনৰ বৰপেটাত এগৰাকী ক'ৰণাক্ৰান্তৰ মৃত্যু
তিনিদিন পূৰ্বে ক'ৰণাত আক্ৰান্ত হোৱা কাঞ্চৰণ ব্ৰহ্ম নামৰ ব্যক্তি গৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অৱনতি ঘটাত ক'ভিড আক্ৰান্ত লোকজনক আই চি ইউত ৰখা হৈছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা লোকজনৰ মৃত্যু হয় ৷
লগতে পঢ়ক: বাক্সাত বৰ্তমানলৈ প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান