অসম

assam

By

Published : Aug 6, 2020, 9:35 PM IST

ETV Bharat / state

সৰভোগত ক’ৰণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু

সৰভোগত ক’ৰণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোক জনৰ ৷

One COVID-19 Positive Patient Dead At Sarbhog  Barpeta District
সৰভোগত ক’ৰণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু

বৰপেটাৰোড, 6 আগষ্টঃ বৰপেটা জিলাৰ সৰভোগত ক'ভিড-19ত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোক জনৰ নাম মনোজ নাথ (৩০) ৷

উল্লেখ্য যে, যোৱা মঙলবাৰে কৰ’ণাৰ সন্দেহত সৰভোগত ৰেপিড টেষ্ট কৰিছিল মনোজ নাথে ৷ ৰেপিড টেষ্টত লোকজনৰ শৰীৰত কৰ’ণা পজিটিভ বুলি ধৰা পৰে ৷ সেইমৰ্মে কৰ’ণাত আক্ৰান্ত মনোজক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয় ৷ মনোজ নাথ সৰভোগ পৌৰসভাৰ এজন কৰ্মচাৰী আছিল ৷

মনোজ নাথক বৃহস্পতিবাৰে আৰক্ষী প্ৰশাসনৰ দ্বাৰা সৰভোগৰ স্মশানত সৎকাৰ কৰা হয় ৷ কৰ'ণাত আক্ৰান্ত হৈ সৰভোগত মৃত্যু হোৱা এয়াই প্ৰথম ঘটনা ৷ উক্ত ঘটনাটোৰ বাবে এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কৰ'ণাত আক্ৰান্ত হৈ ইতিমধ্যে 121 জন লোকে মৃত্যুবৰণ কৰে ৷

লগতে পঢ়ক- চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল'লে বেনত বঞ্চিত শিক্ষকে

ABOUT THE AUTHOR

...view details