অসম

assam

By

Published : Oct 3, 2019, 11:58 PM IST

ETV Bharat / state

কৰ্মবিৰতি পালন কৰি অচেতন ঠিকাভিত্তিক কৰ্মচাৰী

কৰ্মবিৰতিস্থলীত ঢলি পৰি অচেতন হল এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী | ঘটনাস্থলীত উপস্থিত হ'ল সাংসদ আব্দুল খালেক |

কৰ্মবিৰতি পালন কৰি অচেতন ঠিকাভিত্তিক কৰ্মচাৰী

বৰপেটা, 3অক্টোবৰঃ কলগাছিয়াত অঘটন | বৃহস্পতিবাৰে কৰ্মবিৰতি পালন কৰি থকা অৱস্থাত অচেতন হৈ পৰে এগৰাকী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰিষদৰ ঠিকাভিত্তিক কৰ্মচাৰী ৷ উল্লেখযোগ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰিষদৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে সম-দৰমহা, চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত যোৱা ১ অক্টোবৰৰ পৰা কৰ্মবিৰতি পালন কৰি ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰিছিল | কিন্তু আজি হঠাতে ঘটনাস্থলীত এগৰাকী কৰ্মচাৰী ঢলি পৰি অচেতন হৈ পৰে | সতীৰ্থ সকলে মূৰত পানী ঢালি সুস্থ কৰিবলৈ চেষ্টা কৰাৰ লগতে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে | ইফালে পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক | সাংসদগৰাকীক কৰ্মবিৰতি পালন কৰা পৰিষদৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

কৰ্মবিৰতি পালন কৰি অচেতন ঠিকাভিত্তিক কৰ্মচাৰী

ABOUT THE AUTHOR

...view details