অসম

assam

ETV Bharat / state

ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী

দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ নামত প্ৰৱঞ্চকটোৱে ৫০০ টকাৰ পৰা ৩০০০ হাজাৰ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী
ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী

By

Published : Jun 22, 2021, 5:19 PM IST

ৰঙিয়া, 22 জুন :ৰঙিয়া (Rangia)ৰ জয়ন্তীপুৰত মঙলবাৰে ৰাইজে এটা প্ৰৱঞ্চকক কৰায়ত্ব কৰে । ধৃত প্ৰৱঞ্চকটো ৰঙিয়া (Rangia)নগৰৰ ৫ নং ৱাৰ্ডৰ তিনিআলিৰ চাফনুৰ আলী বুলি জানিব পৰা হৈছে । দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ নামত উৎকোচ লোৱা অভিযোগত চাফনুৰ আলীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷

ৰেচন কাৰ্ডৰ নামত উৎকোচ লৈ ৰঙাঘৰৰ আলহী ব্যৱসায়ী

দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ নামত চাফনুৰ আলীয়ে ৫০০ টকাৰ পৰা ৩০০০ হাজাৰ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু টকা উৎকোচ লোৱাৰ কেইবা মাহ উকলি যোৱাৰ পিছতো চাফনুৰে ৰেচন কাৰ্ড দিব নোৱাৰাত ক্ষুব্ধ হৈ পৰে জয়ন্তীপুৰ অঞ্চলৰ ৰাইজ । অৱশেষত মঙলবাৰে ৰাইজে চাফনুৰ আলীক কৰায়ত্ব কৰি ৰঙিয়া আৰক্ষী (Rangia Police)ক গতাই দিয়ে ।

বৰ্তমান ৰঙিয়া থানাত আৰক্ষীয়ে চাফনুৰ আলীৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

ABOUT THE AUTHOR

...view details