অসম

assam

ETV Bharat / state

ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক - ঈশান উদয় বৃত্তি

২০১৯-২০ বৰ্ষত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ঈশান উদয় ছাত্ৰ বৃত্তিৰ নামত মহাবিদ্যালয়ৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত ৭ মাহ পূৰ্বে গোচৰ ৰুজু কৰিছিল ৷ অৱশেষত সোমবাৰে বৰপেটা আৰক্ষীয়ে এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক আটক কৰে ৷

one-arrest-for-ishan-uday-scholarship-scam
ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক

By

Published : Jul 26, 2021, 5:40 PM IST

বৰপেটা, ২৬ জুলাই : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)এ প্ৰদান কৰা ঈশান উদয় বৃত্তি(Ishan Uday Scholarship 2021)ৰ নামত সংঘটিত কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত সোমবাৰে বৰপেটা আৰক্ষী(Barpeta Police)এ এজন লোকক আটক কৰে ৷ বৰপেটা আৰক্ষীয়ে আটক কৰা লোকজন ৰতন হাজৰিকা বুলি জানিব পৰা হৈছে ৷ ৰতন হাজৰিকা বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৷ মাধৱ চৌধুৰী মহাবিদ্যালয়খনৰ ছাত্ৰৰ নামত ২০১৯-২০ বৰ্ষত সংঘটিত হৈছিল এই কেলেংকাৰী ৷

ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ বিৰুদ্ধে ঈশান উদয় বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী(Ishan Uday Scholarship Scam) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ বুলি দেখুৱাই প্ৰায় ২৯০ গৰাকী ছাত্ৰই বৃত্তিৰ বাবে আবেদন কৰিছিল ৷ ইয়াৰ অধিকাংশই আছিল ভুৱা ছাত্ৰ-ছাত্ৰী অৰ্থাৎ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত বাহিৰৰ ছাত্ৰ-ছাত্ৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছিল বৃত্তিৰ তালিকাত ৷

মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই কেলেংকাৰীৰ বিষয়ে অৱগত হোৱাৰ পাছতেই বিগত জানুৱাৰী মাহত বৰপেটা সদৰ থানা (Barpeta Police station)ত গোচৰ ৰুজু কৰে ৷ পিছে বিগত ৭ মাহে আগবঢ়া নাছিল তদন্ত প্ৰক্ৰিয়া ৷ অৱশেষত আজি বৰপেটা সদৰ থানা (Barpeta Police station)ৰ আৰক্ষী মহাবিদ্যালয়খনত উপস্থিত হৈ ৰতন হাজৰিকা নামৰ কৰ্মচাৰীজনক আটক কৰে ৷

ৰতন হাজৰিকা ছাত্ৰৰ বৃত্তি সম্পৰ্কীয় বিভাগীয় কাম কাজৰ সৈতে জড়িত আছিল বুলি মহাবিদ্যালয়ৰ অধ্যক্ষই জানিবলৈ দিয়ে ৷ মহাবিদ্যালয়ৰ অধ্যক্ষই জানিবলৈ দিয়া অনুসৰি, ঈশান উদয় বৃত্তি (Ishan Uday Scholarship)ৰ নামত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 60 হাজাৰকৈ ধন লাভ কৰিছিল ৷ কিন্তু এই কেলেংকাৰীৰ কথা জানিব পৰাৰ পাচতেই বন্ধ কৰি দিয়া হয় ছাত্ৰ বৃত্তিৰ ধন ৷

লগতে পঢ়ক :ISC পৰীক্ষাৰ শীৰ্ষ স্থানত উজ্বলিল অসমৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details