অসম

assam

ETV Bharat / state

বৰপেটাৰোডত চোৰাং তেল চুৰি চক্ৰ উৎখাত

বৰপেটাৰোডৰ সমীপৰ মেচপাৰাৰ হাচেম আলীৰ ঘৰৰ পিছফালে এক তেল চুৰি ঘটনাৰ সংঘটিত হৈছে ৷ ঘটনাস্থলিত আৰক্ষীৰ লগতে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

By

Published : Apr 23, 2021, 10:31 PM IST

বৰপেটাৰোডত চোৰাং তেল চুৰি চক্ৰ উৎখাত
বৰপেটাৰোডত চোৰাং তেল চুৰি চক্ৰ উৎখাত

বৰপেটাৰোড,23 এপ্ৰিল: বৰপেটাৰোডত সংঘটিত হৈছে তেল চুৰিৰ ঘটনা ৷ অইল ইণ্ডিয়া লিমিটেডৰ তেলৰ পাইপৰ তেল চুৰি কৰি আহিছে এটা দুষ্ট চক্ৰই ৷ চক্ৰটোৱে দিনে নিশাই চুৰি কৰি আহিছে তেল । জানিব পৰা মতে, বৰপেটাৰোডৰ সমীপৰ মেচপাৰাৰ হাচেম আলীৰ ঘৰৰ পিছফালে সংঘটিত হৈছে এই ঘটনা ৷

বৰপেটাৰোডত চোৰাং তেল চুৰি চক্ৰ উৎখাত

উল্লেখযোগ্য যে, প্ৰায় এমাহ ধৰি চক্ৰটোৱে গোপনে তেল চুৰি কৰি আহিছিল ৷ উক্ত কাণ্ডটোৰ সৈতে একাংশ স্থানীয় লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি ঘটনাস্থলিত আৰক্ষীৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ

ABOUT THE AUTHOR

...view details