অসম

assam

By

Published : Sep 7, 2021, 6:43 PM IST

ETV Bharat / state

ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পোষণ মাহ পালন

1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্তেম্বৰলৈ সমগ্ৰ দেশত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ৷ দেশৰ অন্য ৰাজ্য সমূহৰ সমান্তৰালকৈ অসমতো পালন কৰা হৈছে এই পোষণ মাহ ৷

observance-of-poshan-maah-under-rupsi-integrated-child-development-project
ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পোষণ মাহ পালন

জনীয়া,7 ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনতো পালন কৰা হৈছে পোষণ মাহ ৷ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ লাচাংগা গাঁও পঞ্চায়ত আৰু তিতাপানী গাঁও পঞ্চায়তত পালন কৰা হৈছে পোষণ মাহ ৷ লাচাংগা গাঁও পঞ্চায়তৰ মুখ্য সেবিকা ৰুনিয়া খন্দোকাৰে গলীয়া এম ই মাদ্ৰাছাত পোষণ মাহ পালন কৰাৰ বিপৰীতে তিতাপানী গাঁও পঞ্চায়তৰ মুখ্য সেৱিকা জয়নব খাতুনে অংগনৱাড়ী কৰ্মী সকলৰ দ্বাৰা 164 নং অংগনৱাড়ী কেন্দ্ৰত পোষণ মাহ পালন কৰে ৷

উল্লেখ্য যে, এই পোষণ মাহ পালনৰ উদ্দেশ্য হৈছে গাঁৱে-ভুঞে শিশু সকলৰ পুষ্টিহীনতা দূৰ কৰা আৰু গাঁও অঞ্চলৰ ৰাইজক পুষ্টিহীনতাৰ বিষয়ে অৱগত কৰা ৷ এই কাৰ্যসূচীৰ জড়িয়তে কোন বিধ খাদ্যত কি ভিটামিন পোৱা যায় আৰু কোন বিধ ভিটামিনৰ অভাৱত শিশুৱে কেনেধৰণৰ সমস্যাত ভুগে সেই বিষয়ে সকলোকে অৱগত কৰা ৷ ইয়াৰ উপৰিও গৰ্ভৱতী মহিলা সকলৰ লগতে পুষ্টিহীনতাত ভোগা কিশোৰী সকলকো এই কাৰ্যসূচীৰ অধীনত পুষ্টিকৰ খাদ্য যোগান ধৰা হয় ৷

ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পোষণ মাহ পালন

উল্লেখ্য যে, 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয় ৷ এই মাহটোত দেশজুৰি সকলো অভিভাৱকক পুষ্টিহীনতাৰ সন্দৰ্ভত সজাগ কৰাৰ বাবে কাৰ্যসূচী পালন কৰা হয় ৷

উক্ত পোষণ মাহ পালন কাৰ্যসূচীত লাচাংগা পঞ্চায়তৰ মুখ্য সেবিকা ৰুনিয়া খন্দোকাৰ, ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া নিলেশ্বৰ ৰায়, শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা সহায়ক বিজয় কুমাৰ ৰাউট, ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড সহায়ক স্বাহিল খান আৰু তিতাপানী পঞ্চায়তৰ মুখ্য সেৱিকা জয়নব খাতুন, ৰূপসী খণ্ড উন্নয়ন বিষয়া আলী আকবৰ, তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি আছাদুল ইছলামৰ লগতে ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃজল জীৱন মিছন : ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

ABOUT THE AUTHOR

...view details