জনীয়া, 13 মে':বৰপেটা জিলাত চোৰাং কাঠৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰি চোৰাং কাঠ মাফিয়াৰ আক্ৰমণৰ বলি হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী কৰ্মী ৷ জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জাউৰিমাৰী-চিকনীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি থকা চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰিছিল বুলবুল খানে ৷
কলগাছিয়াত চোৰাং কাঠ মাফিয়াৰ দপদপনি ! ছাত্ৰনেতাক ভাবুকি - আৰক্ষী বেষ্টনী
বুলবুল খানে চোৰাং কাঠৰ কুণ্ডাৰ ভিডিঅ' সহ ফেছবুকত পোষ্ট কৰিছিল ৷ যাৰ ফলত তেওঁক গুলবৰ, গীয়াছ উদ্দীন, আমিৰ হুছেইন, ৰমজান আলীৰ লগতে কেইবাজনো চোৰাং কাঠৰ ব্যৱসায়ীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
জাউৰিমাৰী-চিকনী গাঁৱত একাংশ দুখীয়া ছাত্ৰই পঢ়া-শুনা বাদ দি চোৰাং কাঠৰ কামত নিয়োজিত থকা বুলি বুলবুল খানে চোৰাং কাঠৰ কুণ্ডাৰ ভিডিঅ' সহ ফেছবুকত পোষ্ট কৰিছিল ৷ যাৰ ফলত তেওঁক গুলবৰ, গীয়াছ উদ্দীন, আমিৰ হুছেইন, ৰমজান আলীৰ লগতে কেইবাজনো চোৰাং কাঠৰ ব্যৱসায়ীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
উল্লেখ্য যে বৰটাৰী, শোলমাৰী, চিকনী, জাউৰিমাৰী আৰু শাওৰাচৰাত বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চোৰাং কাঠ মাফিয়াই চোৰাং ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইপিনে বন বিভাগ আৰু আৰক্ষী বেষ্টনীৰ মাজেদি চোৰাং কাঠ সৰবৰাহ হয় বুলি অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুয়ে ৷ সেয়ে শীঘ্ৰে এই চোৰাং বেহা বন্ধ কৰি কাঠ মাফিয়াক গ্ৰেপ্তাৰ নকৰিলে সংগঠন দুটাই আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷