বৰপেটা, ৭ এপ্ৰিলঃ শিশুৰ পুষ্টিহীনতা সুস্থ-সবল ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাবে চিহ্নিত হৈ আহিছে ৷ শিশুৰ পুষ্টিহীনতা ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰি আহিছে প্ৰয়োজনীয় ব্যৱস্থা ৷ দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তে দেশৰ প্ৰতিখন জিলাতে পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপনৰ জৰিয়তে শিশুৰ পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দি আহিছে চৰকাৰে ৷
সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ হাউলীত স্থাপন কৰা পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰইয়ো পুষ্টিহীনতাত ভোগা শিশুৰ চিকিৎসা প্ৰদান কৰি আহিছে ৷ ২০১৪ চনত স্থাপন কৰা 10 খন বিছনা যুক্ত হাউলীৰ এই পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত বৰ্তমানলৈকে পুষ্টিহীনতাত ভোগা প্ৰায় ৬ শতাধিক শিশুক কেন্দ্ৰটোত ভৰ্তি কৰি প্ৰয়োজনীয় চিকিৎসা আৰু পৰিপুষ্টি প্ৰদান কৰি সুস্থ কৰি তোলা হৈছে (NRC Centre in Barpeta) ৷
ইয়াৰ উপৰিও কেন্দ্ৰটোলৈ অহা হাজাৰোধিক শিশুৰ পুষ্টিহীনতাৰ চিকিসাৎ প্ৰদান কৰাৰ লগতে মাতৃসকলকো প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰা হৈছে (Nutrition Rehabilitation Centre) ৷ 10খন বিছনা যুক্ত হাউলীৰ এই পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত বৰ্তমান 5 গৰাকী শিশুক চিকিৎসা আৰু পৰিপুষ্টি প্ৰদান কৰি থকা হৈছে (National Health Mission) ৷