বৰপেটা, ৫ ফেব্ৰুৱাৰী:বাল্য বিবাহ আইনমতে দণ্ডনীয় যদিও বৰপেটা জিলাত ভয়াৱহ হৈ পৰিছে বাল্য বিবাহৰ ঘটনা (Child marriage in Barpeta)৷ জিলাখনত বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰীভাৱে ৰুজু কৰা ৯২ টা গোচৰৰ বিপৰীতে শনিবাৰৰ নিশালৈকে বাল্য বিবাহ বিৰোধী অভিযানত বৰপেটাত গ্ৰেপ্তাৰৰ সংখ্যা ১৩০লৈ বৃদ্ধি পাইছে ৷ যদিও বৰপেটা জিলাত বাল্য বিবাহৰ ৯২ টা গোচৰ ৰুজু হৈছে ৷ তাৰ বিপৰীতে কিন্তু স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য ৷ তথ্য অনুসৰি বৰপেটাত এবছৰতে উপযুক্ত বয়সৰ পূৰ্বেই প্ৰায় ৯ হাজৰৰো অধিক কিশোৰী-যুৱতী গৰ্ভৱতী হৈছে ৷
বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে প্ৰদান কৰা তথ্য অনুসৰি ২০২২-২৩ বৰ্ষটোতে এই জিলাখনত ২০ বছৰৰ তলৰ গৰ্ভৱতী কিশোৰী-যুৱতীৰ সংখ্যা ৯০৯৭ গৰাকী (Child marriage increased in Barpeta) ৷ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ এনে উদ্বেগজনক তথ্যই উদঙাই দিছে বৰপেটাকে ধৰি নামনি অসমৰ জিলাসমূহত বাল্য বিবাহে কিদৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বাল্য বিবাহৰ বিৰুদ্ধে বৰপেটাত বিগত কেইবাবছৰ ধৰি কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে উল্লেখ কৰা মতে, ৰাজ্যখনত ভয়াৱহ হৈ পৰা বাল্য বিবাহ আৰু 'টীন এজ প্ৰেগনেঞ্চী'ৰ ঘটনা অতিকৈ উদ্বেগজনক ৷ আজিও মুছলমান সমাজত প্ৰথম পুস্পিতা হোৱাৰ পিছতেই ছোৱালী বিবাহৰ বাবে উপযুক্ত বুলি ভবা হয় ৷ আনকি বিবাহক এতিয়াও 'ফৰজ' বা পবিত্ৰ কৰ্ম বুলিয়েই জ্ঞান কৰি অহা মুফটি, ইমাম, কাজী সকলৰ মানসিকতা আজিও একেই আছে (Campaign against Child marriage in Barpeta) ৷