অসম

assam

ETV Bharat / state

HSLC, HS পৰীক্ষা বাতিলৰ দাবীত বৰপেটাত NSUIৰ প্ৰতিবাদ - HS final exam

কৰ'ণাসৃষ্ট পৰিস্থিতিত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS) পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদত নামিল NSUIৰ সদস্য । বুধবাৰে NSUIৰ বৰপেটা জিলা সমিতিয়ে শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰোধিতা কৰি পিপিই কিট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে ।

NSUI protest in Barpeta
HSLC, HS পৰীক্ষা বাতিলৰ দাবীত বৰপেটাত NSUIৰ প্ৰতিবাদ

By

Published : Jun 9, 2021, 6:33 PM IST

বৰপেটা, ৯ জুন: কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিকৰ(HS) চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে NSUIই ।

যি সময়ত কৰ'ণা(CORONA)ৰ তৃতীয় ঢৌৱে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই আগতীয়াকৈ সংকেত দিছে, সেই সময়তে এনেদৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে ছাত্ৰ সংগঠনটোৱে । বুধবাৰে NSUIৰ বৰপেটা জিলা সমিতিয়ে শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

HSLC, HS পৰীক্ষা বাতিলৰ দাবীত বৰপেটাত NSUIৰ প্ৰতিবাদ

পিপিই কিট পিন্ধি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ দাবীত বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সদস্যসকলে । NSUIৰ বৰপেটা জিলা সমিতিৰ সভাপতি মাহবুবৰ ৰহমানে কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, বৰ্তমান শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS)ৰ চূড়ান্ত পৰীক্ষা (HS) অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে । শিক্ষা বিভাগে পহিলা আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভাৱনা আছে ।

মঙলবাৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (RANOJ PEGU) কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হয় আৰু পৰীক্ষা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে ।

লগতে পঢ়ক:মায়ঙৰ খলনী বিল পথালি গাঁও ছেনিটাইজ কৰিলে প্ৰশাসনে

ABOUT THE AUTHOR

...view details