বৰপেটা, 29 অক্টোবৰঃ ৰাজ্যত এতিয়াও ওৰ পৰা নাই NRC কেন্দ্ৰীক প্ৰতিবাদ ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত অসমে লাভ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে গৰিষ্ঠসংখ্যক খিলঞ্জীয়া অসমীয়াৰ NRC ৰ পৰা নাম বাদ পৰাক লৈ পুনৰ ৰাজপথলৈ ওলাই আহিল জাতীয় দল-সংগঠন ৷
বৰপেটাত NRCৰ বিৰুদ্ধে প্ৰতিবাদী সমদল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ - আছু
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত খিলঞ্জীয়া ভূমিপুত্ৰ তথা গৰিয়া-মৰিয়া সকলকৰ নাম বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবী জনাই বৰপেটা চহৰত প্ৰতিবাদী সমদল সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত আছু আৰু আন আন জাতীয় দল সংগঠনৰ ৷
আজি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত আছু আৰু আন-আন জাতীয় দল সংগঠনৰ সহযোগত বৰপেটা চহৰত এক বিশাল গণ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰী দলটোৱে খিলঞ্জীয়া ভূমিপুত্ৰ তথা গৰিয়া-মৰিয়া সকলকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবী জনোৱাৰ লগতে ৰাজ্য চৰকাৰ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে সংগঠনটোৱে বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি গৰীয়া-মৰিয়া আৰু দেশীয় জনগোষ্ঠীয় লোকৰ নাম বিনা চৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্তিৰ দাবী জনায় ৷ আনহাতে গৰীয়া-মৰীয়া দেশী ভূমিপুত্ৰ সকলৰ বাবে ৰাজ্য চৰকাৰে সুকীয়া জৰীপৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া কাৰ্যকাৰী কৰিবলৈ দাবী জনায় ৷ আনহাতে ৰাজ্যখনৰ গৰিয়া-মৰিয়াসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰো দাবী তোলে সংগঠনটোৱে ৷