অসম

assam

ETV Bharat / state

বৰপেটাত আৰক্ষী অধীক্ষকৰ উল্লেখনীয় পদক্ষেপ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বৰপেটা জিলাৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ডাঃ ৰবীন কুমাৰে নিজ বিভাগৰ শতাধিক আৰক্ষীৰ লোকক আগবঢ়াই চিকিৎসা সেৱা ৷ আৰক্ষী অধীক্ষক গৰাকীৰ এই পদক্ষেপক শলাগিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

Notable initiative taken by Barpeta Rabin Kumar
বৰপেটাত আৰক্ষী অধীক্ষকৰ উল্লেখনীয় পদক্ষেপ

By

Published : Sep 3, 2020, 2:06 PM IST

বৰপেটা, 3 ছেপ্টেম্বৰ: মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে নিজ কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ অনন্য নিদৰ্শন দাঙি ধৰিছে এগৰাকী আৰক্ষী অধীক্ষকে ৷ আৰক্ষী অধীক্ষকগৰাকী বৰপেটা জিলাৰ ডাঃ ৰবীন কুমাৰ ৷ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ডাঃ ৰবীন কুমাৰে কৰ'ণাকালীন জটিল পৰিস্থিতিৰ মাজতে নিজ বিভাগৰ শতাধিক আৰক্ষীৰ লোকক আগবঢ়াইছে চিকিৎসা সেৱা ৷

বৰপেটাত আৰক্ষী অধীক্ষকৰ উল্লেখনীয় পদক্ষেপ

বৰপেটাৰ আৰক্ষী চাউনীত স্থাপন কৰা ক'ভিড কেয়াৰ হস্পিতালত আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ শতাধিক আৰক্ষীৰ লোকক প্ৰদান কৰে চিকিৎসা ৷ আই পি এছৰ পূৰ্বে চিকিৎসক হিচাপে সেৱা আগবঢ়োৱা ডাঃ ৰবীন কুমাৰ মেডিচিন বিভাগৰ গ'ল্ড মেডেলিষ্টৰ লগতে দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু উত্তৰ প্ৰদেশতো চিকিৎসা সেৱা আগবঢ়াইছিল ৷ আৰক্ষী অধীক্ষকগৰাকীৰ এনে তৎপৰতা আৰু কৰ্তব্যনিষ্ঠাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰে ৰবীন কুমাৰক ৷

বৰপেটাত আৰক্ষী অধীক্ষকৰ উল্লেখনীয় পদক্ষেপ

ইফালে, আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত কিছুদিন পূৰ্বে জিলাখনৰ আৰক্ষী চাউনীত এখন ক'ভিড হাস্পতাল নিৰ্মাণ কৰাৰ লগতে ডি আই জি ভাস্কৰজ্যোতি মহন্তই এই হাস্পতালখন মুকলি কৰিছিল ৷ আৰক্ষী অধীক্ষকগৰাকীৰ আশা পৰৱৰ্তী সময়ত জিলাখনত এখন উন্নতমানৰ চিকিৎসালয় নিৰ্মাণ কৰাৰ ৷

অন্য এক খবৰৰ বাবে:জোনাইত জ্বলিল হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details