বৰপেটা,22 এপ্ৰিল: কৰ’ণাৰ দ্বিতীয়তো ঢৌৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে বৰপেটা জিলাৰ পৰিস্থিতি ৷ কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰপেটাত মঙলবাৰে 45 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে বুধবাৰে পুনৰ 38 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক’ভিড 19 ৰ অৱস্থিতি ৷
বৰপেটাত কৰ’ণা আক্ৰান্তৰ সংখ্যা 219 গৰাকীলৈ বৃদ্ধি - ৰাজ্য চৰকাৰ
বৰপেটাত বুধবাৰে পুনৰ 38 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক’ভিড 19 ৰ অৱস্থিতি ৷ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা 219 গৰাকীলৈ বৃদ্ধি পাইছে ৷
বৰপেটাত কৰ’ণা আক্ৰান্ত সংখ্যা 219 গৰাকিলৈ বৃদ্ধি
উল্লেখ্য যে, বৰ্তমানলৈ বৰপেটাত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা 219 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি বুধবাৰে সন্ধিয়া ৬ বজাৰ লগে লগে বন্ধ হৈ পৰে জিলা সদৰ তথা সত্ৰনগৰী বৰপেটাৰ সকলোবোৰ দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ৷
লগতে পঢ়ক : নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ