অসম

assam

তাবলিগ-ই-জামাতকলৈ ৰাজনীতি নকৰিবলৈ আহ্বান ৰফিকুল ইছলামৰ !

By

Published : Mar 31, 2020, 10:52 PM IST

দিল্লী মাৰ্কাজকলৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। আজি আবেলি বৰপেটা অসামৰিক চিকিৎসা পৰিদৰ্শন কৰি এই মন্তব্য বিধায়ক গৰাকীৰ।

hafiz rafikul islam says no politics
hafiz rafikul islam says no politics

জনীয়া, 31 মাৰ্চ : জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে মঙলবাৰে জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়ৰ লগতে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে দিল্লীৰ মাৰ্কাজত অনুষ্ঠিত তাবলিগ-ই-জামাতলৈ গৈ আৱদ্ধ হোৱা লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰত উদ্বেগ প্ৰকাশ কৰি কয় যে, ইয়াক লৈ যাতে কোনেও ৰাজনীতি নকৰে । তেওঁলোকক উপযুক্ত পৰীক্ষা কৰি চিকিৎসা কৰিবলৈ আহ্বান জনায়। লক্ ডাউনৰ ফলত সমস্যাত দিন হাজিৰা কৰি খোৱা মানুহৰ প্ৰতি চৰকাৰক অতিশীঘ্ৰই সুব্যৱস্থা গ্ৰহণৰ কাৰণে দাবী জনায় বিধায়কগাৰীকয়ে । খেতিয়ক সকলৰ উৎপাদিত পাচলি সমূহ খেতিৰ পৰাই ক্ৰয় কৰিবলৈ অনুৰোধ জনায়। বিধায়ক গৰাকীয়ে জনীয়া সমষ্টিবাসীৰ লগতে ৰাজ্যবাসীক অতি আন্তৰিকতাৰে লক্ ডাউন পালন কৰিবলৈ অনুৰোধ জনায়।

তাবলিগ-ই-জামাতকলৈ ৰাজনীতি নকৰিবলৈ আহ্বান ৰফিকুল ইছলামৰ

উল্লেখ্য যে, এই জামাতৰ পৰা উভতি অহাৰ পাচতেই অসমত ধৰা পৰিছে প্ৰথম গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী ৷ গতিকে ৰাইজক অধিক সতৰ্ক হ'বলৈ অনুৰোধ জনাইছে চৰকাৰ তথা প্ৰশাসনে ৷
লগতে পঢ়ক : হাই এলাৰ্টত অসম : শিথিল নহয় লক্ ডাউন !

ABOUT THE AUTHOR

...view details