বৰপেটা, ২৬ মে :কবি হেম বৰুৱাৰ কালজয়ী কবিতা ‘মমতাৰ চিঠিৰ’ আধাৰত নিৰ্মিত ‘মমতাৰ চিঠি’ ছবিখনৰ পোষ্টাৰ মুকলি (Mamatar Letter) ৷ বৃহস্পতিবাৰে বৰপেটা প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ছবিখনৰ পোষ্টাৰ মুকলি কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে (Poet Hem Barua film Mamatar chithi)। নিৰ্মল দাসৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছবিখন (Nirmal Das upcoming film Mamatar Letter) ৷
মমতাৰ চিঠি ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াৰ লগতে ভাৰ্গৱ কটকী, চেতনা দাস আদিয়ে ৷ আনহাতে, তৰালী শৰ্মাৰ সংগীতত জুবিন গাৰ্গে কণ্ঠদান কৰিছে ছবিখনৰ গীতসমূহত (Mamatar chithi released date) ৷ ছবিখন আগন্তুক দুৰ্গা পূজাৰ বতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে (Assamese Film Mamatar chithi) ৷
পোষ্টাৰ মুকলি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, মুখাৰ সভাপতি ভেৰো কুমাৰ শৰ্মা, চলচ্চিত্ৰৰ কাৰিকৰী নিৰ্দেশক প্ৰদীপ দৈমাৰী, সংগীতজ্ঞ প্ৰদীপ কুমাৰ মিশ্ৰ , সমাজকৰ্মী দেবাদীব দাস, সমাজকৰ্মী প্ৰতুল দাস তথা ধনজিৎ পাঠক উপস্থিত থাকে (Mamatar chithi Poster released) ৷