অসম

assam

By

Published : Sep 11, 2021, 9:10 PM IST

ETV Bharat / state

ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বৰপেটাৰ যুৱকৰ নাম অৰ্ন্তভুক্ত

সত্ৰনগৰী বৰপেটাৰ উদীয়মান যুৱক নিৰ্জুৰাজ দাসে ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ২৪ ঘন্টাত অংকন কৰিলে গুৰুজনাৰ সৃষ্ট ৰাম বিজয় ভাওনা ৷

ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অৰ্ন্তভুক্ত কৰিবলৈ সক্ষম বৰপেটাৰ নিৰ্জুৰাজ দাস
ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অৰ্ন্তভুক্ত কৰিবলৈ সক্ষম বৰপেটাৰ নিৰ্জুৰাজ দাস

বৰপেটা, ১১ ছেপ্তেম্বৰ:সত্ৰনগৰী বৰপেটাৰ উদীয়মান যুৱ প্ৰতিভা চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট ৰাম বিজয় ভাওনাখন সাচিপাতৰ আৰ্হিত অংকন কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে শিল্পী নিৰ্জুৰাজ দাসে ৷ মাথো ২৪ ঘন্টাৰ ভিতৰতেই নিৰ্জুৰাজ দাসে গুৰুজনাৰ ৰামবিজয় ভাওনাখনৰ বিভিন্ন দৃশ্য অংকন কৰি উলিয়াইছিল ৷

ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অৰ্ন্তভুক্ত কৰিবলৈ সক্ষম বৰপেটাৰ নিৰ্জুৰাজ দাস

লগতে পঢ়কঃ কেনে আছে চিকিৎসা সেৱাৰ মাজতো ভাস্কৰ্য শিল্পত প্ৰাণ দিয়া মানুহজন ?

জানিব পৰা মতে, ক’ৰণা মহামাৰী আৰম্ভনিৰ সময়ছোৱাত লকডাউনৰ বাবে ঘৰতে সোমাই থাকিবলগীয়া হোৱাৰ একঘেঁয়ামিৰ পৰা আঁতৰি আহি জুইৰে ছবি অংকনৰ কাম আৰম্ভ কৰিছিল চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে ৷ তাৰ পাচতে জুইৰে চিত্ৰ অংকন কৰি অসম বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল শিল্পী গৰাকী ৷

ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অৰ্ন্তভুক্ত কৰিবলৈ সক্ষম বৰপেটাৰ নিৰ্জুৰাজ দাস

ইপিনে নিৰ্জুৰাজ দাসে শেহতীয়াভাৱে ৰাম বিজয় ভাওনা খনৰ লগতে মাথো ৫৬ চেকেণ্ডৰ ভিতৰত সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ চিত্ৰ অংকন কৰিছে ৷ শিল্পীগৰাকীয়ে নিজৰ শিল্প প্ৰতিভাৰে পূৰ্বে কেবাটাও সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ শেহতীয়াকৈ ইন্টাৰনেচনেল ফায়াৰবক্স বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাৰ বতৰাই এতিয়া আনন্দিত কৰি তুলিছে শিল্পীগৰাকীৰ লগতে বৰপেটাবাসীক ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ জনবহুল অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপনত ৰাইজৰ বিৰোধিতা

ABOUT THE AUTHOR

...view details