বৰপেটা, 11 এপ্ৰিল: নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট ৷ হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দলং নিৰ্মাণৰ দাবীত আজি নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট (Nikhil Bharat Krishak Sabha Protest in Kalgachia) ৷
স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও ৷ উন্নয়নে আজিও ঢুকি নোপোৱা জনীয়াৰ সমষ্টিৰ উজনপাৰা গাঁও ৷ জানিব পৰা মতে এই গাঁওখনত ৰাইজৰ দীৰ্ঘদিনীয়া এখন কাঠৰ দলংৰ দাবী কোনো এজন জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ দিনত ৰহাৰ উজনপাৰা চৰ সংযোগী ৰাইজৰ যাতায়তৰ বাবে দীৰ্ঘদিনীয়া কাঠৰ দলংৰ দাবী আজিলৈকে পূৰণ নহ’ল (Nikhil Bharat Krishak Sabha Protest) ৷
উন্নয়নৰ ঢোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত ৰহাৰ উজানপাৰা বাসী ৰাইজে এতিয়াও মধ্যযুগীয়া দিন পাৰ কৰিব লগীয়া হৈছে বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে ৷ এই অঞ্চলৰ ৰাইজে এতিয়াও কলগছৰ ভূৰ নাইবা বাঁহৰ সাঁকোৰে মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে (Protest in Jania) ৷