জনীয়া, ১১ মে': নিখিল ভাৰত কৃষক সভাৰ ৰূপসী আঞ্চলিক কমিটীৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট (Nikhil Bharat Krishak Sabha protest in Rupshi) । ৰহা উজানপাৰা মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক জব কাৰ্ডৰ বকেয়া ধন মোকোলাই দিয়াৰ দাবীত বৃহস্পতিবাৰৰ পৰা এই ধৰ্মঘট ৰূপায়ণ কৰা হৈছে । দাবী পূৰণ নহ'লে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কৰিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ ।
উল্লেখযোগ্য যে, স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিচত উন্নয়নে ঢুকি নোপোৱা এখন গাঁও হৈছে জনীয়াৰ সমষ্টিৰ উজানপাৰা । এই গাঁওখনত ৰাইজৰ দীৰ্ঘদিনীয়া এখন কাঠৰ দলঙৰ দাবী আছিল যদিও কোনো এজন জনপ্ৰতিনিধিয়ে এতিয়ালৈকে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই । দেশ স্বাধীনৰ ৭৫ সংখ্যক অমৃত মহোৎসৱ উদযাপন কৰাৰ পিচতো ৰহাৰ উজানপাৰা চৰ সংযোগী ৰাইজৰ যাতায়তৰ বাবে দীৰ্ঘদিনীয়া কাঠৰ দলংৰ দাবী আজিলৈকে পূৰণ নহ'ল । এই দলং নথকাৰ ফলত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে ।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত সুনাম অৰ্জন কৰাৰ পিছত বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিনৰ চৰকাৰৰ শাসনকালত ৰহাৰ উজানপাৰাবাসী ৰাইজে এতিয়াও মধ্যযুগীয়া দিন পাৰ কৰিব লগীয়া হৈছে । উক্ত অঞ্চলৰ ৰাইজে এতিয়াও কলগছৰ ভূৰ নাইবা বাঁহৰ সাঁকোৰে মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে । নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে চৰ এলেকাধীন ৰাইজক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হোৱাৰ পিচত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ইতিবাচক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।
ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী, প্ৰসূতি ৰোগীৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে । যাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে দমন নীতিৰ বাবে যোৱা ১১ এপ্ৰিলত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল । কিন্তু এমাহ পাৰ হোৱাৰ পিছতো দলঙৰ কাম আৰম্ভ নোহোৱাত আজি নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক কমিটীৰ উদ্যোগত ৰহাৰ উজানপাৰা মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ।
লগতে পঢ়ক:Pawan Singh Ghatowar: ডিব্ৰুগড়ৰ সমষ্টিৰ পৰা লুৰীণজ্যোতিক প্ৰাৰ্থীত্ব দিব নেকি কংগ্ৰেছে ?