বৰপেটা, ১২ জুলাই : সমগ্ৰ বিশ্বত কৰ'ণাৰ আতংক বৃদ্ধি পোৱাৰ ফলত গভীৰ সংকটৰ মাজেৰে দিন কটাইছে বিশ্ববাসীয়ে ৷ অসমতো প্ৰতিদিনেই বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰ্তমানলৈ এই ভাইৰাছৰ পৰা ৰক্ষা কৰিব পৰা কোনো ভেকচিন প্ৰস্তুত কৰিব পৰা নাই যদিও ইয়াৰ পৰা ৰক্ষা পাবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চৰকাৰে সময়ে সময়ে কিছু নিৰ্দেশনা প্ৰস্তুত কৰি আহিছে ।
২৭ নং বেটেলিয়ান কেম্পৰ জোৱানৰ মাজত আৰ্ছেনিকাম এলবাম-৩০ বিতৰণ - NGO distributes Arsenic Album-30 at Battelion camp in Barpeta
অসমত প্ৰতিদিনেই বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুচ শিকদাৰে আজি হাউলীৰ সমীপৰ গুৱাগাচাত থকা এছএছবিৰ ২৭ নং বেটেলিয়ান কেম্পৰ জোৱানসকলৰ মাজত ৰোগ প্ৰতিৰোধ কৰিব পৰা আৰ্ছেনিকাম এলবাম-30 নামৰ দৰৱ বিতৰণ কৰে ৷ মুঠ 1300 জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ে জাৰি কৰা নিয়ম অনুসৰি কৰ'ণা ভাইৰাছ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা হোমিওপেথিক ঔষধ আৰ্ছেনিকাম এলবাম-30 ঔষধ বিতৰণ কৰে ।
শেহতীয়াভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুচ শিকদাৰে হাউলীৰ সমীপৰ গুৱাগাচাত থকা এছ এছ বিৰ ২৭ নং বেটেলিয়ান কেম্পৰ জোৱানসকলৰ মাজত ৰোগ প্ৰতিৰোধ কৰিব পৰা আৰ্ছেনিকাম এলবাম-30 নামৰ ঔষধ বিতৰণ কৰে ৷ দেশ আৰু জনতাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকা জোৱানসকল নিৰোগী আৰু সুস্থ হৈ থকাৰ বাবে সেনা চাউনীটোৰ মুঠ 1300 জোৱান আৰু তেঁওলোকৰ পৰিয়ালৰ মাজত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ে জাৰি কৰা নিয়ম অনুসৰি কৰ'ণা ভাইৰাছক প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা হোমিওপেথিক ঔষধ আৰ্ছেনিকাম এলবাম-30 ঔষধ বিতৰণ কৰে । উল্লেখযোগ্য যে, চিকিৎসক গৰাকীৰ এনে প্ৰচেষ্টাক ধন্যবাদ প্ৰশংসা আগবঢ়াই জোৱানসকলে ৷
লগতে পঢ়ক :গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে