ঋণৰ বোজাৰে চলি আছে বৰ্তমানৰ ৰাজ্য চৰকাৰ ৷ কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্ৰনালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ২০২০-২০২১ বিত্তীয় বৰ্ষলৈকে অসমে বিভিন্ন উংসৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৭৯,৭৫৫ কোটি টকা ৷
2.গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন
ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৰূপনগৰৰ এটা অঞ্চলক ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা ৷
3.আকাশবাণীৰ বাতৰি পঢ়িবলৈ আৰু ঘূৰি নাহে অৱন বৰপূজাৰী
অৱন বৰপূজাৰী আৰু নাই ৷ নব্বৈৰ দশকতেই তেওঁ দিল্লীৰ পৰা আঞ্চলিক বাতৰি পঢ়িছিল ৷ যাৰ গলগলীয়া কণ্ঠস্বৰ সকলোৰে বাবে পৰিচিত আছিল ৷ সেই গলগলীয়া কণ্ঠৰ অধিকাৰী অৱন বৰপূজাৰীয়ে আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল এখন অজান পৃথিৱীলৈ ৷
4.ভূটানৰ ওপৰত চীনৰ শেন চকু: সষ্টম SSB
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলা চাব ডিভিজনৰ পৰা 50 কিলোমিটাৰ নিলগৰ সীমান্তত সষ্টম এছ এছ বি(SSB)ৰ জোৱান ৷ ভূটানৰ ওপৰত পৰিছে চীনৰ শেন চকু ৷
5.কলগাছিয়াত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ
অনিয়ম আৰু দুৰ্নীতিৰে ভৰি পৰিছে ৰাজ্যৰ কেইবাটাও খণ্ড ৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন বিভাগত বহু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে কলগাছিয়াৰ গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ ৰাস্তা নিৰ্মাণত । অৰ্ধ নিৰ্মিত কাম কৰি ব্যপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷
6.চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ক'ভিডত আক্ৰান্ত
ক'ভিড-১৯ত আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ বাবে অসমত পৰ্যায়ক্ৰমে সকলো শিক্ষানুষ্ঠানতে পুনৰ পাঠদান আৰম্ভ কৰা হৈছে । কিন্তু বিদ্যালয় খোলাৰ পাচতেই বিদ্যালয়সমূহত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শেহতীয়াকৈ এগৰাকী সহকাৰী শিক্ষক আক্ৰান্ত হৈছে ক'ভিড-১৯ত ।
7.ATK মোহন বাগান এফ চি ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে
স্বাৰ্থজনিত সংঘাত এৰাই চলিবলৈ এটিকে মোহন বাগান এফ চি(ATK Mohun Bagan FC)ৰ সঞ্চালক পদ ত্যাগ কৰিলে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে । বুধবাৰে গাংগুলীয়ে এই কথা প্ৰকাশ কৰে । আনহাতে, চিভিচি কেপিটেলক লৈ আৰম্ভ হৈছে আন এক বিতৰ্ক ।
8.আজিও গ্ৰেপ্তাৰ নহ’ল বনকৰা কিশোৰী হত্যাকাণ্ডৰে জড়িত আৰক্ষী দম্পতী
বৰ্তমানেও পলাতক অৱস্থাত আছে তেজপুৰৰ বনকৰা কিশোৰী হত্যাকাণ্ডত জড়িত অভিযুক্ত অসম আৰক্ষী(Assam Police)ত কৰ্মৰত দম্পতী ৰাজীৱ বৰা আৰু অনুৰূপা শইকীয়া ৷ এমাহ 22 দি উকলি যোৱাৰ পাচতো ন্যায় পোৱা নাই কিশোৰীগৰাকীয়ে, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী(Arun goswami), সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামীৰ লগতে সচেতন মহলে ৷
9.মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ গোচৰত জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে
জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়ক শ্বেৰমান আলী আহমেদ(Sherman Ali Ahmed) । গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই শ্বেৰমান আলীয়ে । আদালতে এই গোচৰৰ জামিন আবেদন দুদিন পূৰ্বে নাকচ কৰিছিল । অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে ।
10.কামপুৰত যুৱকৰ কামনাৰ বলি 50ৰ উৰ্ধৰ মহিলা
নগাঁৱৰ কামপুৰৰ পলশা গাঁৱত এজন যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী 50 বছৰৰ উৰ্ধৰ মহিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি, মহিলাগৰাকীয়ে আন দিনাৰ দৰে সোমবাৰেও খৰি আনিবৰ বাবে পথাৰলৈ যোৱাৰ সময়তে কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কাণ্ড সংঘটিত কৰে যুৱকজনে । ইয়াৰ পাচতে মহিলাগৰাকীয়ে স্থানীয় ৰাইজক সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে ৷ ৰাইজে অভিযুক্ত যুৱকজনক আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷