অসম

assam

ETV Bharat / state

ৰাজ্যিক বিজেপিৰ সভাপতি হৈয়ে নিজ গৃহ সমষ্টিত উপস্থিত ৰঞ্জিত কুমাৰ দাস

ৰাজ্যিক বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে সভাপতি পদত অধিস্থিত হ'ল ৰঞ্জিত কুমাৰ দাস ৷ সভাপতি নিৰ্বাচিত হোৱাৰ পিচতে শনিবাৰে গৃহ সমষ্টি সৰভোগত উপস্থিত হয় নেতা গৰাকী ৷

By

Published : Jan 25, 2020, 7:56 PM IST

ৰঞ্জিৎ কুমাৰ দাস
ৰঞ্জিৎ কুমাৰ দাস

বৰপেটা, 25 জানুৱাৰীঃদ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিচতে শনিবাৰে গৃহ সমষ্টি সৰভোগত উপস্থিত হয় ৰঞ্জিত কুমাৰ দাস ৷দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহনৰ পূৰ্বে সৰভোগত আহি উপস্থিত হোৱা ৰঞ্জিত কুমাৰ দাসক শনিবাৰে দলীয় নেতা কৰ্মীসকলে বিপুলভাৱে আদৰণি জনায় ৷ নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে সৰভোগত উপস্থিত হৈয়েই সেৱা জনায় ঐতিহ্যমণ্ডিত গৰখীয়া গোঁসাই থানত ৷ বিজেপি কাৰ্যালয়ৰ পৰা সহস্ৰাধিক বিজেপি কৰ্মীয়ে গায়ন বায়ন সমন্বিতে বিহুৱা বিহুৱতী, বাগুৰুম্বা, নেপালী আদি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য গীতৰ মাজেৰে সমদল উলিয়াই গৰখীয়া গোঁসাই থানলৈ আদৰি নিয়ে ৰাজ্যিক বিজেপিৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীক ৷ তাৰ পিচত তেওঁক লৈ যোৱা হয় সৰভোগ কালীপূজা প্ৰাগংনলৈ, য'ত বিজেপিৰ চকচকা ব্লক মণ্ডলৰ তৰফৰ পৰা তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাপতিগৰাকীৰ লগত উপস্থিত থাকে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া ৷

ৰাজ্যিক বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ সভাপতি নিৰ্বাচিত হ'ল ৰঞ্জিৎ কুমাৰ দাস

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বিজেপিৰ নেতা কৰ্মীয়ে সৰভোগত আদৰণি জনোৱাৰ সময়তে, বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তাই ক'লা পতাকা উৰুৱাই ৰঞ্জিত কুমাৰ দাসৰবিৰুদ্ধে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক ঃ বাক্সা, টীয়কত আটক গৰু চোৰ

ABOUT THE AUTHOR

...view details