অসম

assam

ব'হাগৰ শেষৰ ফালে ৰাজ্যত গঠন হ'ব নতুন আঞ্চলিকতাবাদী দল

By

Published : Feb 23, 2020, 5:44 PM IST

বহাগৰ শেষৰ ফালে ৰাজ্যত গঠন হ'ব নতুন আঞ্চলিকতাবাদী দল ৷ বৰপেটাৰ হাউলীত অনুষ্ঠিত হোৱা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ এখন সভাত এই মন্তব্য কৰে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই ৷

New regional political party will be formed in the mid April,2020
ব'হাগৰ শেষৰ ফালে ৰাজ্যত গঠন হব নতুন আঞ্চলিকতাবাদী দল

বৰপেটা, 23 ফেব্ৰুৱাৰী:বহাগৰ শেষৰ ফালে ৰাজ্যত গঠন হ'ব নতুন আঞ্চলিকতাবাদী দল ৷ দেওবাৰে বৰপেটাৰ হাউলীত অনুষ্ঠিত হোৱা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ এখন সভাত অংশগ্ৰহন কৰি নতুন দল গঠন সম্পৰ্কে এই মন্তব্য কৰে অৰূপ বৰবৰাই ৷

ব'হাগৰ শেষৰ ফালে ৰাজ্যত গঠন হব নতুন আঞ্চলিকতাবাদী দল

উল্লেখ্য যে, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ বৰপেটা জিলা সমিতি গঠনৰ বাবে দেওবাৰে হাউলীত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহন কৰি অৰূপ বৰবৰাই জনাই যে, নতুনকৈ গঠন হ'বলগীয়া দলটোৰ সংবিধান আৰু ইস্তাহাৰ প্ৰস্তুতৰ কাম ইতিমধ্যেই চলি আছে ৷ জিলা সমিতিসমুহ গঠনৰ কাম সম্পূৰ্ণ হোৱাৰ পিচতেই এক অভিৱৰ্তনৰ জৰিয়তে ব'হাগ মাহত ৰাজ্যত গঠন হ'ব নতুন আঞ্চলিকতাবাদী দল ৷

ব'হাগৰ শেষৰ ফালে ৰাজ্যত গঠন হব নতুন আঞ্চলিকতাবাদী দল

ইয়াৰ উপৰিও কা'ৰ লগতে বিভিন্ন বিষয়ত অগপই অসমৰ ৰাইজক প্ৰতাৰনা কৰা বুলি মন্তব্য কৰি অগপক পংগু দল বুলিও অভিহিত কৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে ৷ আনকি অগপৰ বহু জিলা আৰু শাখা সমিতিৰ বহু নেতাই ইতিমধ্যে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চত যোগদান কৰা বুলিও প্ৰকাশ কৰে অৰূপ বৰবৰাই ৷ ইপিনে সভাৰ মাজতে কা' উৎখাত হোৱাৰ লগতে ৰাজ্যৰ পৰা বিজেপিও উৎখাত হ'ব লাগিব বুলিও প্ৰকাশ কৰে অৰূপ বৰবৰাই ৷

লগতে পঢ়ক:শিল্পী কল্যাণকামী আচঁনিৰ পৰা বহু দূৰৈত এসময়ৰ ভাম্যমাণ শিল্পী....

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details