অসম

assam

ETV Bharat / state

বৰপেটা জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণ

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত বুধবাৰে নতুনকৈ চাৰিগৰাকী লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ৰাইজক ক'ভিডৰ স্বাস্থ্যবিধি পালন কৰিবলৈ আহ্বান শীৰ্ষ চিকিৎসকৰ ।

বৰপেটা জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণ
বৰপেটা জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণ

By

Published : Apr 28, 2021, 4:28 PM IST

কলগাছিয়া,২৮ এপ্ৰিল:সমগ্ৰ ৰাজ্যৰ লগতেক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰিছে বৰপেটাৰ কলগাছিয়া অঞ্চলত । কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত বুধবাৰে নতুনকৈ চাৰিগৰাকী লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

বৰপেটা জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণ

উল্লেখ্য যে ইতিমধ্যে চিকিৎসালয়খনৰ কোৱাৰেণ্টাইন চেন্টাৰত ২৯ গৰাকীকৈ ক'ভিড ৰোগী ভৰ্তিহৈ আছে । জিলাখনত এনেদৰে কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত এতিয়া তীব্ৰ শংকিত হৈছে ৰাইজ । এনে সময়ত ক'ভিডৰ প্ৰতি সজাগ হ'বলৈ আহবান জনোৱাৰ লগতে সঘনাই ছেনিটাইজ কৰিবলৈ, হাত ধুবলৈ, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ অসামৰিক চিকিৎস্যালয়খনৰ উপ অধীক্ষক ডাঃ হাছমত আলীয়ে ৰাইজক আহ্বান জনায় ।


লগতে পঢ়ক:বিশ্বনাথত ভূমিকম্পত সা-সামগ্ৰী বিনষ্ট

ABOUT THE AUTHOR

...view details