বৰপেটা,২৮ আগষ্ট:বৰপেটা জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱাৰ স্থলী হিচাপে পৰিগণিত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতাল । প্ৰতিদিনেই শ শ ৰোগীৰ আগমন ঘটে চিকিৎসালয়খনলৈ । কিন্তু শেহতীয়া উত্থাপন হোৱা এক অভিযোগে সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(Negligence of emergency department) ।
এগৰাকী ৰোগীৰ আত্মীয়ই বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ জৰুৰীকালীন বিভাগৰ কেচ কাউণ্টাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ । জৰুৰীকালিন বিভাগৰ কেচ কাউণ্টাৰৰ কৰ্মচাৰী ৰোগীক গুৰুত্ব দিয়াৰ বিপৰীতে তাচ খেলত মগ্ন হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই (Emergency department engaged in cards) ।
ঘটনা অনুসৰি দেওবাৰে পুৱা বৰপেটা-হাউলী পথৰ হাজীবাৰীত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা(Road accident in Barpeta) । দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত আহত হৈছিল কেইবাগৰাকী লোক । স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰিছিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতাললৈ ।