বজালী, 13 আগষ্টঃউত্তৰ-পূৱৰ 6 টাকৈ উগ্ৰপন্থী সংগঠনে সমাগত স্বাধীনতা দিৱসৰ দিনা আহ্বান জনোৱা 11ঘণ্টীয়া বন্ধক লৈ সষ্টম হৈ পৰিছে আৰক্ষী ৷ ইয়াৰ মাজতে 74 সংখ্যক স্বাধীনতা দিৱসটি সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ব । স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দিনে-ৰাতিয়ে পহৰাত ব্যস্ত হৈ পৰিছে অসম আৰক্ষী ৷ ঠিক একেদৰে বজালীতো দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ।
স্বাধীনতা দিৱসৰ পূৰ্বে বজালীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী - Necessary security arrangemnets made before Independence day
স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি বজালীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ সকলো বাহনতেই তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষী সকলে ৷
বজালীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমান্তৰালভাৱে বজালীৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে গঢ়ি তুলিছে বিশেষ কটকটীয়া নিৰাপত্তা বেষ্টনী । মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই সাংবাদিকক জনোৱা মতে, বজালী জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে কটকটীয়া তালাচী ব্যৱস্থা গঢ়ি তুলিছে ৷ ইফাল ৰাজপথতেই সকলো সৰু বৰ গাড়ীতেই তালাচী চলাইছে আৰক্ষীয়ে ৷ নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য কৰিয়েই এই তালাচী অভিযান চলোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে আৰক্ষী বিষয়াই ৷